অপহৰণৰ অভিযোগত বীৰ লাচিত সেনাৰ ৮ জন সদস্য আটক
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত এজন ব্যক্তিক অপহৰণ কৰি তেওঁৰ মুক্তিৰ বাবে পৰিয়ালৰ পৰা বৃহৎ পৰিমাণৰ মুক্তিপণৰ ধন দাবী কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আঠজনকৈ বীৰ লাচিত সেনাৰ সদস্যক৷ গোৱালপাৰাৰ ইৰশ্বাদ খান নামৰ এজন ব্যক্তিয়ে দিছপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল যে তেওঁৰ বন্ধু ৰাহুল মিশ্রক মহানগৰীৰ বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালৰ সন্মুখৰ পৰা ১০ৰ পৰা ১৫ জনীয়া লোকৰ এটা দলে দেওবাৰে নিশা প্রায় ৯:৩০ বজাত অপহৰণ কৰিছিল। অভিযোগকাৰীয়ে আৰু কয় যে অপহৰণকাৰীসকলে অপহৃতৰ মুক্তিৰ বাবে ২২ লাখ টকা মুক্তিপণ দাবী কৰিছিল। অভিযোগ দাখিল হোৱাৰ লগে লগে দিছপুৰ আৰক্ষী থানাৰ এটা দলে তৎক্ষণাত অভিযান চলাই ৰাজধানীৰ ত্রিবেণী পথ অঞ্চলৰ পৰা অপহৃত ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে অপহৰণত ব্যৱহাৰ কৰা দুখন বাহনো (AS-01EM-0718 আৰু AS-23Q-3566) জব্দ কৰে। অভিযানৰ সময়ত ছয়জন অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তদন্তৰ অগ্ৰগতিৰ লগে লগে আন দুজনক পিছত গ্ৰেপ্তাৰ কৰা হয়। অপহৰণকাৰীসকলৰ কবলৰ পৰা বেচবল ষ্টিক, হকী ষ্টিক, ছুৰী, পেপাৰ স্প্রে আৰু বীৰ লাচিত সেনা, অসমৰ লেটাৰ পেডকে ধৰি বহুতো সামগ্রীও উদ্ধাৰ কৰা হৈছে।আটক হোৱা ব্যক্তিসকল হ’ল বিশ্বজিৎ দলে, ইঞ্জামুল হক, মোহন বৰা, নিতু আহমেদ আৰু বিৰাজ বালা কলিতা, আন তিনিজন আটক হোৱা অপহৰণকাৰী হৈছে ৰোহন আলী, চিন্ময় দেৱ আৰু ৰিয়াজ আহমেদ।ইফালে, ঘটনাটোৰ প্ৰতিক্রিয়া প্রকাশ কৰি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বীৰ লাচিত সেনাৰ কাৰ্যকলাপত আমি অসন্তুষ্ট, সংগঠনটোৱে পৰিৱেশ বিনষ্ট কৰিছে। আলফা (স্বা)ৰ দৰে এদিন বীৰ লাচিত সেনাকো হয়তো আমি নিষিদ্ধ কৰিব লাগিব। তেওঁ আৰু কয়- সংগঠনটো ইতিমধ্যে অসম চৰকাৰৰ নজৰত আছে। অসমৰ আই-মাতৃৰ বিৰুদ্ধে অসন্মানজনক মন্তব্য কৰাৰ বাবে সংগঠনটোৰ এজন নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈও তেওঁ অসম আৰক্ষীক নিৰ্দেশ দিছে।
