অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ পশ্চিম বংগৰ তিনি লোক
ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচলত অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ পশ্চিম বংগৰ তিনি লোক। অৰুণাচলৰ দুৰ্গম স্থানত অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৃত ব্যক্তিকেইজনক । বৰ্তমান চিলাপথাৰ থানাত আছে অপহৃত লোককেইজন ৷জানিব পৰা মতে,পশ্চিমবংগ হাওৰা জিলাৰ জগতবল্লবপুৰ থানাৰ অন্তৰ্গত যেবিপুৰৰ যদুনাথ মোদক (৬০),শেখ আব্দুল ৰহমান আৰু শেখ হাননাণক চিলাপথাৰৰ কোনো দুৰ্বৃত্তৰ দলে ৮দিন পূৰ্বে কিছু কামৰ সূত্ৰে মাতি আনে। বিমানেৰে অসমলৈ আহিছিল তিনিওজন লোক। ইয়াৰ পিছতে অৰুণাচলৰ দুৰ্গম স্থানত বন্দী হৈ পৰে তিনিও লোক। অপহৰণকাৰীয়ে লোককেইজনৰ মুক্তিৰ বিনিময়ত বৃহৎ পৰিমাণৰ মুক্তিপণ দাবী কৰে বুলি ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত কয় । পৰিয়ালৰ লোকে এই সন্দৰ্ভত অৱগত হোৱাৰ পাচতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক অপহৰণ সন্দৰ্ভত জনায় আৰু সহায় বিচাৰে । আৰক্ষীয়ে ৰণকৌশল প্ৰস্তুত কৰি অৰুণাচলৰ দুৰ্গম স্থানত অভিযান চলায় আৰু সফলতাৰে অপহৃতকেইজনক উদ্ধাৰ কৰে ৷ অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত লোককেইজন উদ্ধাৰ হোৱাৰ পাচতে আৰক্ষীয়ে পশ্চিমবংগত থকা ভুক্তভোগীৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰে । ইতিমধ্যে পশ্চিমবংগৰ পৰা অসমত উপস্থিত হৈছে অপহৃত লোককেইজনৰ পৰিয়ালৰ সদস্য ৷ চিলাপথাৰ থানাত অপহৃত পৰিয়ালৰ সদস্যক লগ পাই আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে ভুক্তভোগী পৰিয়ালৰ সদস্য ৷