অপমৃত্যু   ( suicide) – মিতালি বৰঠাকুৰ

PC MOH-Rwanda

অপমৃত্যু   ( suicide) 

মিতালি বৰঠাকুৰ ,মালিগাওঁ

অপমৃত্যুক আঁকোৱালি নল’বা
জীৱনটোৱেই এক প্ৰত্যাহ্বান
মাস্তুল হেৰুওৱা  জাহাজৰ দৰে
আগুৱাই যায় জীৱন
পানীত মাথোঁ নিজৰ প্ৰতিবিম্বহে দেখা যায়

পাৰৰ কঁহুৱা , বিৰিণাইও  কৈ যায়
জোনাকৰ  দৰে জিলমিলাই থকাই
জীৱন নহয়
আঁউসীৰ আন্ধাৰকো আঁকোৱালি ল’বলৈ শিকা
দুখবোৰ কলিজাতে আসন পাতি বহুৱাই লোৱা
এইয়াই জীৱন
তথাপি  অপমৃত্যুক আঁকোৱালি  নল’বা ।

জন্ম হৈছা যদি মৃত্যুও  অনিবাৰ্য্য
উপভোগ কৰিবলৈ সাজু থাকিবা
সমাগত হ’ব অপ্ৰত্যাশিত ভাৱে  সেই ক্ষন
এৰি যাব লাগিব  শেষ নিশ্বাস
যাৰ নাম  মৃত্যু….