অপকাৰ
দীপিকা বৰুৱা,
নেহৰুপাৰ্ক,
যোৰহাট-১
আমাৰ সমাজত মৃতকৰ ঘৰত মাত লগোৱা প্ৰথাটো বহুত দিনৰ। যিদিনা ঘৰৰ মানুহৰ দুজন ল’ৰাৰ এজনৰ মৃত্যু হ’ল। আচলতে তেওঁৰ মৃত্যুটো স্বাভাৱিক নহয়। কাৰণ তেওঁলোকৰ ল’ৰাজনক গাড়ী এখনে খুণ্ডা মাৰিলে, আৰু ল’ৰাজনক হস্পিতালত ভৰ্ত্তি কৰিলে যদিও, শেষত তেওঁ বৰ কৰুণভাৱে মৃত্যুক সাৱতি ল’লে। এই অপ্ৰত্যাশিত মৰ্মান্তিক ঘটনাটো শুনাৰ লগে লগে মানুবোৰে ঘৰ ভৰি পৰিল। উপস্থিত মানুহৰ হাজাৰ হাজাৰ শান্তনাটো ল’ৰাজনৰ মাক জনী কান্দি কান্দি অচেতন হৈ পৰিল। ল’ৰাজনৰ ককায়েক আৰু দেউতাককো মানুহে শান্তনা দি ৰাখিব পৰা নাছিল। এই মুমূৰ্ষ পৰিৱেশত ওচৰ চুবুৰীয়াই ফুচুলাই কোনোমতে অকন, অকন খুৱাই মানুহ কেইজনক উঠাবলৈ যত্ন কৰিছিল। বহুত শান্তনা দিয়াৰ পিছত, অলপদিন হৈছে মানুহ ঘৰ স্বাভাবিক পৰিস্থিতিলৈ আহিছে।
আজি তিনি দিনৰ পিছত মৃত ল’ৰাটোৰ দেউতাক চাকৰীলৈ গৈছে। মাকজনীও অকনমান সুস্থিৰ হৈছে। কিন্তু হঠাৎ সিদিনা দূৰৈত থকা খুৰাক এজন আহিহে গোটেইখন ওলট-পালট কৰিলে। খুৰাকজন ছমাহৰ মুৰত আহি ঘৰত সোমায়েই মৃত ল’ৰাটোৰ ফটোখন চাই, নামকো মাতি, চিঞৰি ইৰালি, জিৰালিকৈ কান্দি মানুহ ঘৰ আকৌ আগৰ অৱস্থালৈ আনিলে। আকৌ আগৰ দৰে শোকত ম্ৰিয়মান ঘৰখন কান্দোনত ভাগি পৰিল। এইবাৰ ওচৰ চুবুৰীয়াই শান্তনা দিবলৈ নাহিল। কেৱল “পুৰণা ঘা খুচৰি তেজ উলিওৱাৰ” – বাবে খুৰাকক গৰিহনাহে দিলে। এনেধৰণৰ মৃতকৰ ঘৰত মাত লগোৱা শুভাকাংক্ষীক সমাজে এৰাই চৰাই কামত আগবাঢ়ি যোৱাহে শুভ বুলি ভবা উচিত। – এনেধৰণৰ আপোন মানুহ যি সমন্ধই নহওক, খুৰাক বা পেহাকেই হওক তেওঁলোক সঁচা অৰ্থত আপোন মানুহ হবই নোৱাৰে।