অন‍্য পৃথিৱী- পাৰ্থপ্ৰতীম শৰণীয়া, তামুলপুৰ

অন‍্য পৃথিৱী

দেউতাৰ এখন আকাশ আছিল
মুক্ত আকাশ
চুব খুজিছিলো
তেতিয়া মোৰ দুহাতৰ মুঠিত
তেওঁৰ আঙুলি এটা সোমাই পৰিছিল।

মা নৈৰ দৰে বৈ আছিল
আৰু এতিয়াও,
মাৰ বুকুৰ মৰমবোৰ
যেনেকৈ নৈ দাঁতিৰ শিলচটাক
পানীয়ে চুমি থাকে অহোৰাত্ৰি।

মোৰ এখন অন‍্য পৃথিৱী
আকাশে নৈয়ে সিঁচি দিয়া
সেউজ চিন্তা
সেউজ হেঁপাহ
সেউজ আশা ভৰসা
আজিও সেউজ হৈয়ে আছে।

পাৰ্থপ্ৰতীম শৰণীয়া
তামুলপুৰ