অন্য পৃথিৱী – এছ ইছলাম

অন্য পৃথিৱী
এছ ইছলাম, শিক্ষক, বৰপেটা
মোক নেলাগে এনে পৃথিৱী
য’ত প্ৰেমৰ নামত ছলনা
মিছা, ঠগ আৰু প্ৰৱঞ্ছনা ।
মোক নেলাগে এনে পৃথিৱী
হত্যা, ধৰ্ষণ , আৰু বৰবৰতা
লুণ্ঠন, হিংসা আৰু নৃশংসতা।
মোক নেলাগে এনে পৃথিৱী
য’ত দুৰাচাৰ ,অত্যাচাৰ আৰু
শত শত অন্যায় ব্যাভিচাৰ।
মোক নেলাগে এনে পৃথিৱী
ভূমিকম্প, আম্ফান আৰু ছুনামী,
গৰাখহনীয়া আৰু বজ্ৰ-ধ্বনি।
মোক নেলাগে এনে পৃথিৱী
বৰ্ণাঢ্য সমস্যাৰ নাই সমাধান
মহামাৰী ভাইৰাছ কৰ’ণাই প্ৰমাণ।
মোক লাগে অন্য পৃথিৱী
য’ত বিশ্ব ,ভাতৃত্ব আৰু শান্তি
মৰম ,চেনেহ আৰু প্ৰেম-প্ৰীতি।