অন্য এক দেৱদাস – মুন শৰ্মা

PC - peakpx
অন্য এক দেৱদাস
মুন শৰ্মা, লখিমপুৰ
তুমি চাগে ভাবিছা এতিয়া অনামিকা!
মোৰ মনাকাশত তুমি হেৰাই গ’লা,
পাহৰণি গৰ্ভত কেতিয়াবাই হ’লা তুমি বিলীন,
আৰু,,, তোমাৰ অৱৰ্তমানত সময়ৰ সুযোগ বুজি,
মুক্ত হৃদয়ৰ শূণ্য মণিকূটত কাহানিবাই,
ঠাই ললে আহি কোনোবা ৰূপহী প্ৰমিলাই।
কিন্তু ,, অনামিকা …
বেজাৰৰ বতৰা দিওঁনো কেনেকৈ,
তোমাৰ ভাৱনা আজি  প্ৰমাণিত এটি ভুল।
কাৰণ …জানা অনামিকা…
সৌভাগ্যৰ দুৱাৰ খুলি দিয়া নাই আজিও মই
খুলি যে” দিম সেয়া হ’ব এই পৃথিৱীত এটা মাত্ৰ মিছা প্ৰচাৰ।
খুলি দিম বা কিয়…
মৰম ধাতুৰে মোৰ হৃদয় গঢ়ি;
মোহিনী কথাৰে মনাকাশত অলেখ নিশা খেলি;
প্ৰেম সমুদ্ৰ মাজ বুকুত গভীৰ গহ্বৰত মোক পিঞ্জৰাত বান্ধি ৰাখি;
পাৰুৰূপী তুমিজনীৰ বাবে মই গঢ়া প্ৰেমৰে সৌধ,
ধ্বংসৰে তাৰ ভগ্নাংশৰ টুকুৰা কলিজাত সিঁচি যোৱা আগে আগে…
বাধ্য যে” কৰি গ’লা হিয়াত মোৰ আজীৱন মাত্ৰ তুমি,
ঠাই নাই  অদ্বিতীয় তুমিজনীৰ বাহিৰে  মোৰ হিয়াত
সাজি ৰখা সোণালী কাৰেঙত ঠিকনা ল’ব,
মৃত্যু পর্যন্ত মোৰ হাতৰ পৰশ পৰা সকলো গোলাপ
মাত্ৰ তোমাৰ খোপাত হে” শুৱনি কৰিব,
বুকুত উৎপত্তি সকলো ভালপোৱা মাথোন তোমাৰ বাবে হে” সাঁচিব লাগিব।
এতিয়া কোৱা অনামিকা,এতিয়া কোৱা…
কলিজাত অতদিন খোদিত তোমাৰ নাম,
কালৰ সোঁতত উটুৱাই বতাহৰ লগত উৰুৱাই,
পাৰো জানো কৰিব ৰূপহী প্ৰমিলাৰ সান্নিধ্যৰ হাবিয়াস।
বুজিছা নিশ্চয়… বুজাবলৈনো কিতো আছে!
নোৱাৰে অ” একালৰ সপোনৰে কোঁৱৰে,
চন্দ্ৰ, সূৰ্য,আকাশ, পাতল… সমস্ত সাক্ষীৰে,
দিন, বাৰ, মাহৰ দ্বাৰা সৃষ্টি বহু বছৰ,
প্ৰেমৰ কাকলি তুলি আলোড়ন নমাব খোঁজা,
তোমাৰ  এই আজন্ম প্ৰেমিকে পাৰে মাথোন,
তুমি যে” উভতি আহিবা, সপোন সেয়া সপোন!
জানি বুজি বুজাব নোৱাৰা মনৰ মালিক,
এই পৃথিৱীৰ অন্য এক দেৱদাস।।