অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক ,গ্ৰন্থ উন্মোচন

অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক ,গ্ৰন্থ উন্মোচন

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য হ’ল প্ৰতিটো জাতিৰ দাপোণ।গুৱাহাটী মহানগৰীৰ  পশ্চিম প্ৰান্তৰ ধাৰাপুৰস্থিত অগ্ৰণী সাহিত্য সংস্কৃতি মূলক অনষ্ঠান অন্বেষ গোষ্ঠীৰ (১০০)এশ সংখ্যক বৈঠকখন দেওবাৰে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত হয়।সভাৰ আৰম্ভণিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ লগতে জুবিন গাৰ্গৰ  মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি জনাই অন্বেষ গোষ্ঠীৰ বিষয় ববীয়া তথা সকলো সদস্য গণ্য মান্য ব্যক্তিসকলে ।

অন্বেষ গোষ্ঠীৰ স্থায়ী সভাপতি ড০দিলীপ কলিতা ডাঙৰীয়াৰ  সভাপতিত্বত  সভাখন অনুষ্ঠিত হয়।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক পৰিক্ষীত হালৈ ডাঙৰীয়াৰ লগতে  সহকাৰী সম্পাদক অতুল কলিতা ডাঙৰীয়াই আদৰণি ভাষণপ্ৰদান কৰে। ত্ৰিমাসিক আলোচনী সৃষ্টিৰ অন্বেষ ষষ্ঠ বছৰৰ  (অক্টোবৰ-ডিচেম্বৰ)চতুৰ্থ সংখ্যা পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষা  তথা বিশিষ্ট লেখিকা মনীষা ভট্টাচাৰ্য  ডাঙৰীয়ানীয়ে উন্মোচন কৰে।জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানতো সামৰণি মাৰে।