অন্বেষ গোষ্ঠীৰ গ্ৰন্থ উন্মোচন সভা ধাৰাপুৰ গুৱাহাটী
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- “অন্বেষ গোষ্ঠী “নামেই যাৰ পৰিচয় ।সাহিত্যৰ ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কবি সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱা দেৱে কৈছিল —“সাহিত্যৰ অবিহনে কোনো এটা জাতিৰ অস্তিত্ব নাথাকে “।গতিকে আমাৰ অসমীয়া মাতৃভাষা চৰ্চা কৰি থাকিলেহে ভাষাটো সুৰক্ষিত হ’ব। অন্বেষ গোষ্ঠীয়ে প্ৰতি তিনি মাহৰ মূৰে মূৰে তিনি মহীয়া এখন আলোচনী বিগত কেইবাটাও বছৰ ধৰি একেৰাহে প্ৰকাশ কৰি আহিছে। এইবেলিও ২৬|০৭|২০২৫তাৰিখে জুলাই চেপ্তেম্বৰ সংখ্যা”পশ্চিম গুৱাহাটী মহাবিদ্যাল” প্ৰক্ষাগৃহত (ধাৰাপুৰ গুৱাহাটীত ) “সৃষ্টিৰ অন্বেষ” তিনিমহীয়া আলোচনীখনৰ উন্মোচনী সভা অনুষ্ঠিত হয়।সভাৰ আৰম্ভণিতে অন্বেষ গোষ্ঠীৰ সদস্যা কন্ঠশিল্পী প্ৰয়াত জোনটি শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ।
তাৰ পিছত অন্বেষ গোষ্ঠীৰ সভাপতি ড০ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। বিশিষ্ট ব্যক্তি পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাক্ষ ড০মনীষা ভট্টাচাৰ্য আৰু অন্বেষ গোষ্ঠীৰ বিষয় ববীয়া ,সদস্যৰ উপস্থিতিত তিনিমহীয়া আলোচনী “সৃষ্টিৰ অন্বেষ”উন্মোচন কৰে । উক্ত সভাতে অন্বেষ গোষ্ঠীৰ আন এগৰাকী সক্ৰিয় সদস্যা লিপিকা ডেকাৰ “সুখৰ সংজ্ঞা বিচাৰি “প্ৰবন্ধখন উন্মোচন কৰে। লেখিকা লিপিকা ডেকাৰ প্ৰবন্ধ গ্ৰন্থখন বাস্তৱ জীৱনৰ সমললৈ লিখা এখন মনোগ্ৰাহী গ্ৰন্থ ,আশাকৰো পাঠকৰ সমাদৰ লাভ কৰিব। ন -পুৰণি সকলো লেখকক লৈ অন্বেষ গোষ্ঠীয়ে লোৱা সাহিত্যৰ ক্ষেত্ৰত এই জয়যাত্ৰা অব্যাহত থাকিব।