অন্বেষণ – সবিতা বেগম

PC - Adobe Stock

অন্বেষণ
সবিতা বেগম, বৰপেটা
অনবৰতে দুঃচিন্তাৰ
ভাৱনাত দাঁত কিটকিটাই
থকা নিলাজ আৰু
চঞ্চল মনটোৰ মুখত
সোপা মাৰি আৰু
চকু টিপা মাৰা
প্ৰতাৰক সময়ৰ
দুভৰিত টিলিঙা মাৰি
খেৰৰ টঙী ঘৰত
কৰায়ত্ব কৰিবৰ প্ৰয়াস
এমুঠি ৰক্তবৰ্ণ হাঁহিৰ
সন্ধান বিচাৰি।