অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাl নিহতৰ সংখ্যা ১৩জনলৈ বৃদ্ধি

অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাl নিহতৰ সংখ্যা ১৩জনলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম জিলাত হাওৰা–চেন্নাই লাইনত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৩জনলৈ বৃদ্ধি পাইছে। আনহাতে এই দুৰ্ঘটনাত ৫০জন লোক আহত হৈছে।  এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত ১৮খন ৰে’ল বাতিল কৰাৰ লগতে ২২খন ৰে’লৰ পথ সলনি কৰা হৈছে। ইষ্ট কোষ্ট ৰে’লৱেৰ চিপিআৰঅ’ বিশ্বজীত সাহুৱে এই তথ্য সদৰি কৰিছে। বিজয়নগৰম জিলাত ৰে’ল দুৰ্ঘটনাৰ পিছত ৯খন ৰে’ল বিজয়ৱাড়া–নাগপুৰ–ৰায়পুৰ–ঝাৰসুগুড়া–খড়গপুৰৰ পথলৈ সলনি কৰা হয়। দেওবাৰে সন্ধিয়া বিশাখাপট্টনমৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত কান্তপল্লেত পলাসা পেছেঞ্জাৰ ৰে’লখনে ৰায়গড়া পেছেঞ্জাৰ ৰে’লখনক পিছফালৰ পৰা খুন্দা মাৰে, ফলত তিনিটা ডবা লাইনচ্যুত হয়।আহতসকলক বিশাখাপট্টনম আৰু বিজয়নগৰমৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।