অন্ধ্রপ্রদেশৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ

অন্ধ্রপ্রদেশৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- অন্ধ্রপ্রদেশৰ কাকিনাড়া জিলাৰ সমৰলাকোটাত এটা আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰণৰ ঘটনাটোত অতিকমেও ১৮জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬জন গুৰুতৰভাৱে আহত হয়। প্রত্যক্ষদর্শীৰ মতে এই বিস্ফোৰণৰ প্ৰাবল্য ইমানেই তীব্ৰ আছিল যে মৃতদেহৰ টুকুৰা সমীপৰ পথাৰলৈকে সিঁচৰতি হৈ পৰিছিল। আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে প্রায় ৩০জন লোকে কাম কৰি থকা অৱস্থাতে আতচবাজী কাৰখানাটোত বিস্ফোৰণ সংঘটিত হয়। এতিয়ালৈকে ১৮জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ৬জন লোকক অগ্নিদগ্ধ অৱস্থাত কাকিনাড়া চৰকাৰী চিকিৎসালয়ত ভর্তি কৰা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি চিকিৎসালয়ৰ সূত্ৰই সদৰী কৰিছে। ইফালে এই ঘটনাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ পিএমএনআৰএফৰ অধীনত মৃতকৰ আত্মীয়লৈ ২ লাখকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ এককালীন সাহায্য ঘোষণা কৰে। ইফালে অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্ৰবাবু নাইডুৱেও এই ঘটনাত শোক প্রকাশ কৰিছে।