অন্ত পৰিল এক প্ৰেমৰ অধ্যায় – প্ৰাণজিৎ মজুমদাৰ

Pc StockCake

অন্ত পৰিল এক প্ৰেমৰ অধ্যায়

প্ৰাণজিৎ মজুমদাৰ
 বনিয়াপাৰা,ছয়গাঁও

জীৱনত কিছুমান অধ্যায় থাকে, যিবোৰ আৰম্ভ হয় অজানিতে, কিন্তু শেষ হয় গভীৰ নীৰৱতাৰে। “আমি” বুলি আৰম্ভ হোৱা সেই কথাবোৰ একদিন “মই”ত পৰিণত হয়। তেনেকুৱাই অন্ত পৰিল এক প্ৰেমৰ অধ্যায়—শব্দ নথকা, অভিযোগ নথকা, মাথোঁ এক অন্তহীন শূন্যতা লৈ।

যি প্ৰেমে হাঁহিব শিকাইছিল, আজি সেই প্ৰেমে চকুপানী লুকুৱাব শিকাইছে। একেলগে দেখা সপোনবোৰ এতিয়া মনৰ কোনোবা কোণত নীৰৱে ধূলি জমা কৰিছে। কেতিয়াবা ভাবো—দোষ কাৰ আছিল? সময়ৰ? পৰিস্থিতিৰ? নে আমাৰ নিজৰ অপৰিপক্বতাৰ? উত্তৰ নাই। আছে মাথোঁ বুকুত ৰৈ যোৱা এটা নীৰৱ প্ৰশ্ন।

প্ৰেম শেষ হ’লে কেৱল এজন মানুহেই আতৰি  নাযায়— লগত লৈ যায় বহু অভ্যাস, বহু আশা। সন্ধিয়া পৰত সেই অপেক্ষা, সাধাৰণ কথা-পতা, আৰু সৰু সৰু আনন্দবোৰ হঠাৎ অচিনাকী হৈ পৰে। চিনাকি ৰাস্তাবোৰো তেতিয়া বেলেগ লাগে, কিয়নো প্ৰতিটো মূহুর্তত স্মৃতি থিয় দি থাকে।

তথাপিও, এই অন্তই হয়তো এটা শিক্ষা। সকলো প্ৰেমেই বিবাহলৈ ৰূপান্তৰ  নহয়, কিন্তু সকলো প্ৰেমেই কিবা এটা শিকাই যায়। কোনোবাই আমাক সহনশীল হ’ব শিকায়, কোনোবাই নিজকে চিনি পাবলৈ সহায় কৰে। কিছুমান প্ৰেম জীৱনৰ সংগী নহয়, কিন্তু জীৱনৰ অধ্যায় হৈ ৰৈ যায়।

অন্ত পৰিল এক প্ৰেমৰ অধ্যায়—কিন্তু জীৱনৰ কিতাপ শেষ হোৱা নাই। হয়তো আগলৈ আন অধ্যায় আছে, বেলেগ ৰঙেৰে, বেলেগ অৰ্থৰে। এই দুখ বুকুত সামৰি আগবাঢ়ি যোৱাটোৱেই হয়তো আটাইতকৈ ডাঙৰ সাহস।