অন্তিম শয়নত জুবিন দা – কল্যাণী গগৈ

অন্তিম শয়নত জুবিন দা

কল্যাণী গগৈ(মুনু)
চিলাপথাৰ, ধেমাজি 

মৰমৰ জুবিন দা
আজি যে তুমি অন্তিম শয়নত
একেবাৰে নিতাল মাৰি শুই পৰিছা
তুমিতো আগেয়ে এনে নাছিলা
তোমাৰ শিশু সুলভ মনেৰে ইমান সময়ে
ক’ৰ পৰা যে ক’ত পালাগৈ হেঁতেন…
কিন্তু তুমিচোন আজি
নিচ্চুপ হৈ পৰি ৰৈছা
অসমী আইৰ বুকুৰ
উঁচুপনিবোৰ তুমি শুনিছানে?
উদং হৈ পৰা আইৰ কোলাত পৰি
বাগৰি বাগৰি কন্দা
তোমাৰ অনুৰাগীসকলৰ কষ্টবোৰ বাৰু
তুমি অনুভৱ কৰিছানে?
গছ-লতিকা, জীৱ-জন্তুকে ধৰি
আকাশ, বতাহ সকলোৰে
নিচ্চুপ মনৰ খলকনিবোৰ
তুমি বাৰু বুজিছানে?
তোমাৰ কথা ৰাখিবলৈ
সকলোৱে যে অশ্ৰুসিক্ত নয়নেৰে
আধা ফুটাকৈ “মায়াবিনি” গাইছে
সেয়া বাৰু তুমি শুনিছানে?
জুবিন দা
এবাৰলৈ মাত এষাৰ দিয়াচোন
গৰিমা বাৰো যেন
তোমাৰ সতে পাতিবলগীয়া
বহুত কথাই থাকি গ’ল
থাকি গ’ল শুভ্ৰ আকাশৰ তলত
তুমি পৰিচালনা কৰা
‘ৰৈ ৰৈ বিনালে’
সকলোবোৰেই স্তব্ধ হৈ পৰিল
স্তব্ধ হৈ পৰিল ব্যস্ত মহানগৰী
কিন্তু তুমিচোন আজি নাই
দুপাখি মেলি উৰা মাৰিলা
জ্যোতি-বিষ্ণুৰ ওচৰলৈ
ভূপেন ককাৰ কোলাত মূৰ থৈ
বহু দিনৰ পৰা বুকুত সামৰি লৈ ফুৰা
মনৰ অফুৰন্ত কথা পাতিবলৈ
আজি চাগৈ জংকীয়েও বৰ ৰং পাইছে
কিমান দিনৰ মূৰত যে তাই
ককায়েকক লগ পাব,কথা পাতিব,
আৰু যে কত কি
কিমান বছৰ যে হ’ল
আইৰ হাতৰ সোৱাদ লোৱাৰ
আয়ে হয়তো তোমালৈ ন ন ব্যঞ্জনেৰে
খোৱা বস্তু যুগুতাইছে
আকাশৰ জোনবাইটোৱে আজি
মিচিকিয়াই হাঁহি তোমাৰ আলিংগন কৰিছে
তুমি চাগৈ আজি বৰ সুখী ন
কিন্তু অসমভুমিত থকা
তোমাৰ সন্তান সকল যে
তুমি অবিহনে বৰ অসুখী হৈ পৰিছে
তোমাৰ গীত শুনি টোপনি যোৱা
অনুৰাগীসকল এতিয়া
ওৰে ৰাতি সাৰে আছে
তোমাৰ গীত শুনি
সাৰে আছে প্ৰকৃতিয়েও
মৃত্যু এক চিৰন্তন সত্য
পৃথিৱীত জন্ম লোৱা মানেই মৃত্যু হ’বই
তথাপিও দেখোন মনটোৱে মনা নাই
তুমি যে নাই সেয়া প্ৰকৃতিয়েও
মানি ল’ব পৰা নাই
তুমি যে নাই সেয়ে শুনা নাই
ওভতনি পথত বাহৰ চৰাইজাকৰ
কোনো কল্লোল
জুবিন দা
জীৱনৰ অন্তিম যাত্ৰাত
শান্তিৰে শোৱা তুমি
আমি তোমাক আজি নকৰোঁ আমনি
আমি সকলোৱে গুণগুণাম ‘মায়াবিনি’
জোনৰ দেশত গৈ সুখেৰে থাকিবা তুমি
আমি সকলোৱে অপেক্ষা কৰিম
তুমি উভতি অহালৈ
তোমাৰ মৃত্যু হোৱা নাই,
অসমীয়া জাতিৰ বুকুত চিৰদিনলৈ
অমৰ হৈ ৰ’বা তুমি ।।