ধাৰাবাহিক গল্প -অন্তিম খণ্ড
এজন পাগল
শৈলেন কুমাৰ, মিৰ্জা ( কামৰূপ )
অন্ধকাৰ আঁতৰি পোহৰৰে উজ্জ্বলিত হ’ব লাগিব,আৱৰ্জ্জনা পৰিষ্কাৰ হৈ শুদ্ধ আৰু সচ্ছল হ’ব লাগিব আমাৰ সমাজ ৷ দানৱ,অসুৰৰ বিনাশৰ বাবে কোনোবা নহয় কোনোবাই মাৰবান্ধি থিয় হবই লাগিব ৷ তাকে সমল কৰি অবিনাশে মানৱৰূপী দানৱবোৰৰ ওপৰত জপিয়াই পৰিল আৰু এটা এটাকৈ অপৰাধীক তাৰ উচিত শাস্তি প্ৰদান কৰিবলৈ ধৰিলে ৷ ক্ৰমান্বয়ে পৰশুৰাম চৌধুৰী আৰু চক্ৰধৰ চলিহাৰ সংখ্যাবল কমিবলৈ ধৰাত,চলিহা আৰু চৌধুৰী চিন্তিত আৰু শংকিত হৈ পৰিছে ৷ কি হৈছে এইবোৰ সিহঁতে একোকে ধৰিবলৈ পৰা নাই ৷ অবিনাশৰ উদ্দেশ্য অকল অপৰাধীক শাস্তি প্ৰদান কৰাই নহয় বৰঞ্চ সিহঁতৰ মুখাবোৰ ৰাইজৰ আগত খুলি পৰিচয় কৰি দিয়াৰ ৷ কিন্তু মুখাৰ আৰত মুখা পিন্ধি ভদ্ৰতাৰ পৰিচয় দিয়া সিহঁতবোৰৰ মুখা খুলি পেলোৱাটো অবিনাশৰ বাবে ইমানো উজু নহবো ৷ দক্ষ ৰণনীতি আৰু সুস্থিৰ পৰিকল্পনাৰ দ্বাৰাহে চিকাৰ জালত আহি পৰিব ৷ আৰু আনফালে ৰাতিৰ নিদ্ৰা হৰণ হোৱা চলিহা আৰু চৌধুৰীৰ উত্তেজনা বৃদ্ধি পাইছে ৷ শংকিত হৈ সিহঁতে শত্ৰুক দমন কৰিবলৈ সংখ্যাবল আৰু অস্ত্ৰবল একত্ৰিত কৰিবলৈ উঠিপৰি লাগিছে ৷ কিছুদিন যোৱাৰ পাছত চোৰাংচোৱাই সমস্ত ঘটনাৰ আৰত যে অবিনাশ জড়িত হৈ আছে সেই তথ্য চলিহা আৰু চৌধুৰীক দিলে,তাৰপাছত অবিনাশক যিকোনো প্ৰকাৰে কৰায়ত্ব কৰাৰ নিৰ্দেশ জাৰি কৰা হ’ল ৷ ইতিমধ্যে অবিনাশে চলিহা আৰু চৌধুৰীৰ অপৰাধৰ যি তথ্য দেউতাক সত্যব্ৰত বৰুৱাই সযতনে সগোপনে লুকুৱাই ৰাখিছিলে সেই তথ্য সমূহ অবিনাশে লাভ কৰিবলৈ সক্ষম হৈছে ৷ তথ্য সমূহ অবিনাশে ৰাইজৰ আগত ফাদিল কৰিবলৈ ওলাওঁতে খৱৰ আহিল,অবিনাশৰ মাঁকক অপহৰণ কৰা হৈছে আৰু চহৰৰ পৰা দূৰত সেই জৰাজীৰ্ণ কাৰখানাটোত বন্দী কৰি ৰখা হৈছে। আৰু যদি অবিনাশে অনতিপলমে ধৰা নিদিয়ে তেতিয়া হ’লে মাঁকক হত্যা কৰাৰ ভাবুকি দিয়া হ’ল ৷ অবশেষত অবিনাশে সিহঁতৰ আগত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল ৷ কিন্তু আত্মসমৰ্পণ কৰাৰ আগতে অপৰাধৰ তথ্য সমূহৰ কপি ইতিমধ্যে অজয়ক অবিনাশে অৰ্পণ কৰিছে ৷ চলিহা আৰু চৌধুৰীৰ গুণ্ডা বাহিনীয়ে অবিনাশক গুৰুলাগুৰুলকৈ পিটি হাতভৰি ভাঙি পেলাইছে ৷ লগতে অপৰাধৰ তথ্যৰ সমস্ত নথিপত্ৰ অবিনাশৰ পৰা কাঢ়ি লোৱা হৈছে ৷ আনহাতে চলিহা আৰু চৌধুৰীৰ সমস্ত কৰ্মকাণ্ড ঘটনাৰ লাইভ টেলিকাষ্ট ইতিমধ্যে টেলিভিছন আৰু সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে ৷ চলিহা আৰু চৌধুৰীৰ মুখ ইতিমধ্যে অবিনাশে খুলি পেলাবলৈ সক্ষম হৈছে ৷ চলিহা আৰু চৌধুৰীৰ এইবোৰ কুকৰ্মৰ কথা গমপাই ৰাইজ স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহি গন্তব্যস্থানলৈ ধাপলি মেলিছে ৷ পলাই সাৰিবলৈ পথ বিচাৰি চলিহা আৰু চৌধুৰীয়ে কাৰখানাটোত অগ্নি নিক্ষেপ কৰি পলাবলৈ চেষ্টা কৰিছে ৷ কিন্তু যথাসময়ত উত্তেজিত ৰাইজৰ ৰোষত পৰে চলিহা আৰু চৌধুৰী,ৰাইজৰ গণ প্ৰহাৰত থিতাতে নিহত হয় গণ্ডা বাহিনী সহিতে দুই অপৰাধী চলিহা আৰু চৌধুৰী ৷ কিন্তু নিমিখতে ছাঁই হয় জৰাজীৰ্ণ কাৰখানাটো লগতে ভস্মীভূত হয় অবিনাশ আৰু অবিনাশৰ মাতৃ ৷ কিছুদিন যোৱাৰ পাছত অজয়ৰ মোবাইলত এটা মেচেজ আহে, এতিয়াও আচল অপৰাধী মুক্ত আকাশৰ তলত ….?
(এজন পাগলৰ কাহিনী ইয়াতে সমাপ্ত হ’ল পৰৱৰ্তীকালত এই গল্পৰ দ্বিতীয় ভাগ অজয় চকীদাৰ আৰম্ভ হ’ব ৷ )