অন্ততঃ – উপাসনা শিৱম

Pc Unsplash

অন্ততঃ

ওচৰ বুলিলে
বুকুত শিপাই যাব পৰাকৈ
চাহৰ কাপত কৰাল
বান্ধি যোৱাকৈ
কথাৰ লানি নিচিগাকৈ
আমি বুলিবলৈ
কোনোবা আছে বুলি
ভাবিব পৰাহেঁতেন ভাল ।

বাটকুৰি বাই গৈ
এপৰলৈ ৰৈ
চকুহাল থৰ পৰালৈ
চাব পৰা হ’লেও যেন….

খোপাত আবেলি আবেলি গোন্ধেৰে
হাউলি গ’লে
দুহাত পাতি ধৰিব পৰাকৈ
কোনোবা আছে বুলি
এবাৰলৈও ভাবিব পাৰিলে ।
হাউলি যাবলৈও
নভবাকৈয়ে পৰা গ’লহেঁতেন ।

—উপাসনা শিৱম
স্নাতক প্ৰথম ষান্মাসিক
পাণ্ডু মহাবিদ্যালয়