অনূভৱ একান্ত আন্তৰিকতাৰে
মানসী মিশ্ৰ
সূৰ্য্য হেনো নামি আহে এই নদীয়েদি … নামটোৱেই মেন অপূৰ্ব মাদকতা আছে ।কি যে অনুপম ।সচাঁকৈয়ে কবিতা অলপ বুজা হোৱা ৰ দিনৰে পৰা এই নামটোৱে মোক খুব আকৰ্ষিত কৰে । কি যে এক অনুভৱী শিহৰণ। অৱশেষত সচাঁকৈয়ে সূৰ্য্য নামি আহিল এই নৈ খনেদি ছাৰৰ জীৱনলৈ।
দেশৰ সাহিত্য ৰ ক্ষেত্ৰত আগবঢ়োৱা সৰ্বোচ্চ সন্মান তৃতীয় বাৰৰ বাবে আহিল আমাৰ ৰাজ্য লৈ ।ধন্য হল ৰাজ্যবাসী ।সকলোৱে অসমীয়া হিচাপে যথেষ্ট গৌৰৱবোধ কৰিবলগীয়া কথা ।নিসন্দেহে মামণি ৰয়ছম গোস্বামী বাইদেউ বটা প্ৰাপ্তি ৰ সুদীৰ্ঘ বিশ বছৰৰ মূৰত এজন সুযোগ্য অসমীয়া লৈ এই সন্মান প্ৰতিজন অসম বাসীৰ বাবে খুবেই গৌৰৱৰ কথা ।
কেৱল সাহিত্য প্ৰতিভাৰেই ছাৰ জাকতজিলিকা নে? মানৱীয় দিশৰ ফালৰ পৰা নীলমণি ফুকন ছাৰ অতি উচ্চ স্তৰৰ লোক ।অতি উচ্চ চিন্তাৰ অধিকাৰী ,সৰু ডাঙৰ সকলোকে সমানে উৎসাহিত কৰা নীলমণি ফুকন ছাৰ আমাৰ সমাজৰ আদৰ্শ ।কঠোৰ জীৱন সংগ্ৰাম ক জয় কৰি ওলাই অহা ফুকন ছাৰ আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে আদৰ্শ হোৱা উচিত ।
অসীম আনন্দ পালোঁ ছাৰৰ দৰে ব্যক্তিজনে এই জ্ঞানপীঠ বঁটা লাভ কৰাত । অসমীয়া কাব্য সাহিত্য ভাৰতৰ সাহিত্য ৰ জগত খনত আকৌ জাকত জিলিকাই হ’ল।হয়তো আৰু অধিক আনন্দিত হলো হেঁতেন যদিহে আৰু দুবছৰ মান আগতে ছাৰ শাৰীৰিক ভাৱে সুস্থ হৈ থাকোঁতে ছাৰ লৈ এই বঁটা আগবঢ়োৱা হলহেঁতেন ।হয়তো ছাৰে নিজ গৈ ভাৰতীয় সাহিত্য ৰ এই সন্মান নিজ হাতে গ্ৰহণ কৰিব পাৰিলে হেঁতেন।
ভাবি ব্যথিত হ ওঁ যে আমাৰ সমাজব্যৱস্থাৰ চিন্তাধাৰাটোৱে এনেকুৱা নেকি ৰে জীৱন ৰ শেষ সময়ত কোনো কোনো ক্ষেত্ৰত মৃত্যু ৰ পিছত সামাজিক ভাৱে স্বীকৃতি প্ৰদান কৰা হয় । ফলত বহু সময়ত মানুহগৰাকী য় প্ৰকৃত আনন্দ খিনি লব নোৱাৰে ।নিজ হাতে এই স্বীকৃতি খিনি গ্ৰহণ কৰিব নোৱাৰে। এনেকুৱা অলেখ উদাহৰণ আছে আমাৰ সমাজত।
ফুকন ছাৰৰ ক্ষেত্ৰতো ঠিক এনেকুৱা ই হ’ল । সমাজ ব্যৱস্থা ৰ প্ৰচলিত চিন্তাধাৰাৰ পৰিবৰ্তন হব লাগে ।এই সকল ব্যক্তি আমাৰ সমাজৰ বাবে বাঘৰ সম্পদ গতিকে এই সম্পদসমূহক সঠিক ভাৱে ৰক্ষণাবেক্ষণ দিয়াটো কেৱল চৰকাৰে দ্বায়িত্ব নহয়।সমূহ অসমবাসী ৰাইজে দ্বায়িত্ব ।সকলো ৰাইজৰ সচেতন হ’লেই এই ব্যৱস্থা সমূহৰ পৰিবৰ্তন হব। ৰাইজে নখ জোঁকাৰি ৰে নে হ’ব ই ।ৰাজ্যত এনে এক পৰিবেশ সৃষ্টি হওঁক যত যোগ্য জনে উপযুক্ত সময়ত উপযুক্ত সন্মান পায় ।তেতিয়া হে আমাৰ ৰাজ্য খন বহুদূৰ আগুৱাই যাব ।আহক তেনে এক সোণালী সময় ।আমি তাৰেই প্ৰতীক্ষাত ।