অনুৰাগ বিহীন জীৱন – মৃদুলা বৰুৱা

PC-Wallpaper Access
অনুৰাগ বিহীন জীৱন
মৃদুলা বৰুৱা, তেজপুৰ
অনুৰাগ! কুশলে আছানে তুমি?
আছোঁনে বাৰু এতিয়াও মই
তোমাৰ হৃদয়ৰ কোনোবা কোণত?
মাজনিশা অশ্ৰু হৈ নিগৰো নেকি মই
তোমাৰ দুগালে?
চেহ্ কি যে কথাবোৰ সুধিছোঁ
বাদ দিয়া বাদ দিয়া…
অনুৰাগ কথা আছিল নʼ আমাৰ
আকৌ লগ নোহোৱাৰ
তথাপিও কিয় জানো
তোমাৰ অবিহনে ঋতুবোৰ
আধৰুৱা হৈ পৰিছে মোৰ,
অনুভৱ কৰোঁ তোমাৰ অনুপস্থিতিত
মোৰ দুহাতত ওলমি থকা শূণ্যতাবোৰ,
যান্ত্ৰণাই হেঁচা মাৰি ধৰা সময়ত
অভাৱ হয় তোমাৰ ৰʼদালি মৰমৰ।
মইটো কেতিয়াও বিচৰা নাছিলোঁ
তোমাৰ উষ্ম বুকুৰ পৰশ,
বন্ধ কোঠৰিত তোমাক পোৱাৰ
হাবিয়াসোটো নাছিল মোৰ।
তেনে কিয় আজি হাবাথুৰি খাইছোঁ?
কিয় আজি জিৰাব খোজোঁ
তোমাৰ মায়াময় ছাঁত?
অনুৰাগ! চুই চোৱানা এবাৰ
সময়ে থেকেচি যোৱা মোৰ কলিজাখন,
তাত এতিয়াও তোমাৰেই ছবি।
জানা মোৰ বুকুত এতিয়াও
গুপুতে গুপুতে  বাজি উঠে
জীৱনৰ হেজাৰ সপোন,
কিন্তু তোমাৰ মোৰ সপোনৰ নাওখন
আজি ঠিকনা বিহীন হ’ল
বৰ গভীৰ আছিল জানা সপোনৰ কথাবোৰ…
নাই নাই তুমি ভয় খাব নালাগে
নকওঁ দিয়া মই তোমাক
আকৌ উভতি অহাৰ কথা
জানো মই এতিয়া তুমি মোৰ নহয়।
অনুৰাগ! মোৰ এটা শেষ ইচ্ছা
পূৰণ কৰিবা?
মোৰ সমাধিৰ বুকুত
দুটোপাল অশ্ৰু দি যাবা….
কোৱানা অনুৰাগ দিবানে?