অনুৰাগ তোমাৰ বাবে – আয়নাল হক

PC - Shutterstock
অনুৰাগ তোমাৰ বাবে
আয়নাল হক, ধুবুৰী 
উৰি যোৱা চৰাইজাকলৈ চাই
ঈৰ্ষাই লাগে সঁচাকৈ।
নোৱাৰোঁ যে উৰিব সিহঁতৰ দৰে…!
নীলিম আকাশত মুক্ত মনেৰে
উৰি ফুৰাৰ হাবিয়াস জাগে।
চুলোঁহেঁতেন নীলাবোৰ হেঁপাহ পলুৱাই
সপোনবোৰ বিচাৰি গ’লোঁহেঁতেন দিগন্ত ধিয়াই।
নোসোধা…
কিয় মন যায় উৰিবলৈ চৰাইৰ দৰে ?
অনুভৱী পৃথিৱীখনত অসম্ভৱ বুলি
আছে জানো কিবা ?
নোসোধা…
পৃথিৱীক ভালপোৱাৰ গান
কিয় গাওঁ বাৰে বাৰে ?
হৃদয়ৰ নিভৃত কোণত
সাৰে থকা অনুৰাগ
কাৰ বাবে জানানে?
এই অনুৰাগ মাথোঁ তোমাৰ বাবে।
মুক্ত পখীৰ দৰে
উৰি ফুৰা মনৰ জগতত
তোমাৰ বাবেই অনুৰাগৰ বৰষুণ নামে…।