অনুসূচীত জাতি-জনজাতিৰ বাবে খালী পদৰ আসন সংৰক্ষণ আইন কাৰ্যকৰী কৰি সংৰক্ষিত প্ৰাৰ্থীক নিযুক্তিৰ দাবী

অনুসূচীত জাতি-জনজাতিৰ বাবে খালী পদৰ আসন সংৰক্ষণ আইন কাৰ্যকৰী কৰি সংৰক্ষিত প্ৰাৰ্থীক নিযুক্তিৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে খালী পদৰ আসন সংৰক্ষণ আইন ২০১২ কাৰ্যকৰী কৰি সংৰক্ষিত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ দাবী জনাইছে সদৌ অসম জনজাতি নিবনুৱা সন্থাই৷ দিছপুৰ প্ৰেছ ক্নাবত উক্ত সংগঠনটোৱে আয়োজন কৰা সংবাদ মেলত সন্থাৰ সভাপতি অনিল বৰ্মন আৰু সম্পাদক ভোলাৰাজ দলে কয়-সদৌ অসম জনজাতি নিবনুৱা সন্থাই ১৯৯৫-৯৬ চনৰ পৰাই অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে মাত মাতি আহিছে। বর্তমানৰ অসম চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা সর্ববৃহৎ ২৬,৪৪১ টা তৃতীয় আৰু চতুর্থ বৰ্গৰ পদ পূৰণৰ বাবে লােৱা বলিষ্ঠ পদক্ষেপক সন্থাই উষ্ম আদৰণী জনাইছে৷ উক্ত আইনৰ মতে অনুসূচীত জাতিৰ বাবে ৭শতাংশ, অনুসূচীত জনজাতি ভৈয়ামৰ বাবে ১০শতাংশ, অনুসূচীত জনজাতি পাহাৰীয়াৰ বাবে ৫ শতাংশ পদ আৰু আসন সংৰক্ষণ হ’ব লাগে আৰু যিসকল জাতি, জনজাতি প্রার্থীয়ে যােগ্যতাৰ ভিত্তিত বাছনিত উঠে, তেওঁলােক সংৰক্ষণ আসন হিচাপে মূল্যাংকন নকৰি সাধাৰণ শ্রেণী হিচাপে গণ্য কৰিব লাগে। বিগত অনুসূচীত জাতি জনজাতি (চাকৰিৰ পদ সংৰক্ষণ) আইন ১৯৭৮) সংশােধিত ২০১২), (RVS P Act) আইনখন চৰকাৰৰ প্রতিটো বিভাগে কার্যকৰী নকৰাৰ ফলত কেইবাহাজাৰ চাকৰিৰ বেকলগ পদ পুৰণ নােহােৱাকৈ আছে। বেকলগ পদসমূহ পুৰণ কৰিবৰ বাবে দীর্ঘদিন ধৰি দাবী জনাই আন্দোলন কৰাত কিছুমান পূৰণ কৰা হৈছে যদিও আজি পর্যন্ত ১২,১৫৫ টা জনজাতিৰ বাবে বেকলগ পদ খালী হৈ আছে। শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ সংস্থাপনৰ প্রতি লক্ষ্য ৰাখি ১২,১৫৫ টা বেকলগ পদ বিশেষ নিযুক্তি প্রক্রিয়াৰ জৰিয়তে অতি শীঘ্ৰে পুৰণ কৰিবলৈ অসম চৰকাৰক দাবী জনোৱা হয়৷আন এটা গুৰুত্বপূর্ণ অভিযােগ মতে, উক্ত আইনৰ মতে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি প্রার্থীৰ বাবে আবেদন আৰু পৰীক্ষা মাছুলৰ ৰেহাই ব্যৱস্থা কৰা হৈছে। চৰকাৰে প্রাৰ্থীসকলৰ বাবে যি পৰিমাণৰ মাছুল ধার্য কৰে, তাৰ আধা পৰিমাণৰ মাছুলহে জাতি আৰু জনজাতি প্রার্থীয়ে দিব লাগে। কিন্তু দুৰ্ভাগ্যজনক যে, তৃতীয় বৰ্গৰ পদৰ আবেদন মাছুল সাধাৰণ শ্ৰেণীৰ বাবে ৩৫০ টকাৰ বিপৰীতে এছচি,এছটিৰ বাবে ২৫০টকা, চতুর্থ বৰ্গৰ পদৰ আবেদন মাছুল সাধাৰণ শ্ৰেণীৰ বাবে ২০০ টকাৰ বিপৰীতে এছচি,এছটিৰ বাবে ১৫০ টকা ধার্য কৰা হৈছে। আইন এখন থকাৰ পাছতাে কিহৰ ভিত্তিত চৰকাৰে অনুসূচীত জাতি আৰু জনজাতি প্রার্থীৰ বাবে অতিৰিক্ত মাছুল ধার্য কৰিছে। সেয়েহে, অনুসূচীত জাতি আৰু জনজাতি প্রার্থীৰ হকে তৃতীয়বর্গৰ পদৰ আবেদন মাছুল সাধাৰণ শ্রেণীৰ বাবে ৩৫০ টকাৰ বিপৰীতে এছচি,এছটিৰ বাবে ১৭৫ টকা আৰু চতুর্থ বৰ্গৰ পদৰ আবেদন মাছুল সাধাৰণ শ্ৰেণীৰ বাবে ২০০ টকাৰ বিপৰীতে এছচি,এছটিৰ বাবে ১০০ টকা ধার্য কৰি পুনৰ বিজ্ঞাপন প্রকাশৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিযুক্তি প্রক্রিয়া নিকা, স্বচ্চতাৰে সম্পাদন কৰিবলৈ দাবী জনোৱা হ’ল৷