অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, অসমৰ অবিৰত ধৰ্না কাৰ্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, অসম ৰ উদ্যোগত ছচলত অবিৰত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে৷কাৰ্যসূচীত পৰিষদৰ সভাপতি ৰুবুল দাস, সাধাৰণ সম্পাদক জিতু কাকতি আৰু সহ-সম্পাদক ধীৰেন দাস আদিৰ নেতৃত্বত অবিৰত ধৰ্না কাৰ্যসূচীত বিভিন্ন শ্ল’গান আৰু বেনাৰ-পোষ্টাৰ প্ৰদৰ্শনৰে অনুসূচিত জাতি ছাত্ৰ জলপানিৰ পৰিমাণ ১০০% বৃদ্ধি কৰি নিয়মীয়াকৈ আদায় দিয়া, বিসংগতিপূৰ্ণ “মিছন ভূমিপুত্ৰ” আঁচনি শীঘ্ৰে বাতিল কৰা, অনুসূচিত জাতি-জনজাতিৰ বিষয়া-কৰ্মচাৰী পদোন্নতিত জ্যেষ্ঠতাৰ ধাৰাবাহিকতা বাহাল ৰখা আৰু অনুসূচিত জাতিৰ বেকলগ পদ পূৰণৰ বাবে শীঘ্ৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰা আদি দাবীৰে উত্তাল কৰি তোলে৷উক্ত ধৰ্না কাৰ্যসূচীত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী সকল সহ প্ৰায় ৭০ জনমান লোক উপস্থিত থাকে ৷প্ৰতিবাদী ধৰ্না কাৰ্যসূচীৰ মাজতে উপস্থিত প্ৰতিবাদকাৰী সকলে পদ-পথত এটা সমদল উলিওৱাৰ প্ৰচেষ্টা চলাইছিল যদিও কৰ্তব্যৰত আৰক্ষীয়ে বাধা প্ৰদান কৰাত ব্যৰ্থ হয়৷ অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস আৰু নেতৃবৃন্দই চৰকাৰলৈ হুংকাৰ প্ৰদান কৰি কয় যে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদে শান্তিপুৰ্ণভাৱে আৰু স্মাৰকপত্ৰ প্ৰদানৰে যোৱা বিগত ছয়মাহৰ পৰা বহু আন্দোলন কৰিলে,তথাপি চৰকাৰে গুৰুত্ব নিদিলে ৷ সেইবাবে ইয়াৰ পিছৰ পৰা আৰু কোনো চৰকাৰী অনুমতিৰে আন্দোলন নকৰিব ৷ যদি চৰকাৰে অতি শীঘ্ৰে অনুসূচিত জাতিৰ লোক সকলৰ দাবী পূৰণ নকৰে তেনেহ’লে ৰাজপথত আন্দোলন হ’ব, জনতা ভৱন ঘেৰাও কাৰ্যসুচী ল’ব, ৰে’ল অৱৰোধ কৰিব আৰু অনুসূচিত অধ্যূষিত অঞ্চল সমূহত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ এখন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰীলৈ উদ্দেশ্যি এচিপি বশিষ্টৰ যোগেদি৷স্মাৰকপত্ৰ প্ৰদানৰ অন্তত প্ৰতিবাদী দলটোৱে স্থান ত্যাগ কৰে৷