অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীক অনুদান বিতৰণ

অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীক অনুদান বিতৰণ 
এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ পুঁজিৰ দ্বাৰা ৰূপায়িত অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত অনুদান বিতৰণ কাৰ্য্যসূচী সম্পন্ন। চহৰখনৰ হোটেল কেটেকীত ডিব্ৰুগড় মহকুমা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধীনত হিতাধিকাৰীক জিলা অধ্যক্ষৰ দৰে গুৰু দায়িত্বত থকা দৰ্পণ দাসৰ নেতৃত্বত দায়িত্ব গ্ৰহণ কৰি পৰ্যায়ক্ৰমে চৰকাৰীভাৱে সুবিধা পোৱাকৈ চিনাক্তকৰণ কৰি অঞ্চল বিশেষে প্ৰায় দুই শতাধিক হিতাধিকাৰীক অনুদানৰ সামগ্ৰীসমূহ বিতৰণ কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বিজেপিৰ জিলা সভাপতি উজ্জ্বল কাশ্যপ, অনুসূচীত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ দৰ্পণ দাস, অন্যান্য পিছপৰা উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ  প্ৰশান্ত গগৈ, সূশীল তাছা,  পৌৰনিগমৰ অন্তৰ্ভুক্ত কেইবাগৰাকীও ৱাৰ্ড কাউন্সিলাৰৰ লগতে বিভিন্নজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সামগ্ৰীসমূহ স্থানীয় ৰাইজক বিতৰণ কৰা হয়।