অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদানৰ দাবীত ডিব্ৰুগড়  কঁপালে ডেৰ দুই লাখ আছাই 

অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদানৰ দাবীত ডিব্ৰুগড়  কঁপালে ডেৰ দুই লাখ আছাই 

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ চাহ বাগিচা আৰু  ৰাজ্যখনৰ চুকে-কোণে বসবাস কৰা চাহ জনগোষ্ঠীয় লোকসকলক অনুসূচীত জনজাতিৰ মর্যাদা প্রদানৰ দাবীক লৈ ১৯৪৭ চনৰ পৰাই চাহ শ্রমিকসকলে ৰাজপথত সংগ্ৰাম কৰি আহিছে যদিও কোনো এখন চৰকাৰে চাহ জনগোষ্ঠীৰ এই দাবীটোৰ প্ৰতি ন্যাৰ্য্যতা প্রদান নকৰিলে। আনহাতে, উত্তৰ- পূৰ্বালৰ সকলো ৰাজ্যতে খিলঞ্জীয়া লোকসকলে ভূমি অধিকাৰ পাইছে যদিও যুগ যুগ ধৰি অসমৰ চাহ বাগিচাত বসবাস কৰা লাখ লাখ চাহ শ্রমিক পৰিয়ালে আজি পর্যন্ত নেপালে ভূমি অধিকাৰ। শাসনৰ বাঘজৰী দখল কৰিয়ে বিজেপি  চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মর্যাদা প্রদান, ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ অধীনত চাহ শ্রমিকৰ মজুৰি বৃদ্ধি আৰু চাহ জনগোষ্ঠীয় লোকসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ প্রতিশ্রুতি দিছিল বিজেপি চৰকাৰে। কিন্তু বিজেপি চৰকাৰৰ প্রতিশ্রুতি আজিও প্রতিশ্রুতি হৈ ৰ’ল। বিজেপি শাসনকালত বিভিন্ন ৰাজপথ, পঞ্চতাৰকা হোটেল, উদ্যোগ, বিমানবন্দৰ আদিৰ বাবে চাহ বাগিচাৰ হাজাৰ হাজাৰ বিঘা ভূমি উচ্ছেদ কৰাৰ লগতে চাহ বাগিচাৰ ১০ শতাংশ ভূমি অন্য কামত ব্যৱহাৰ কৰাৰ বাবে নতুন আইন প্রণয়ন কৰি খাটিখোৱা চাহ শ্রমিকৰ জীৱনলৈ বিজেপি চৰকাৰেই চৰম সংকট নমাই আনিছে। অসমৰ চাহ জনগোষ্ঠীয় লোকসকলক শীঘ্রে অনুসূচীত জনজাতিৰ মর্যাদা প্রদান কৰা, চাহ শ্রমিক পৰিয়ালক মাটি পট্টাসহ ভূমি অধিকাৰ প্ৰদান কৰা আৰু ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ আধাৰত চাহ শ্রমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰাৰ মূল দাবীক লৈ অসম চাহ জনজাতি ছাত্র সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত  ডিব্ৰুগড়ত আজি (১৩-১০-২৫) বিশাল গণ আন্দোলন কৰি ডিব্ৰুগড় কঁপাই তোলে । যৌথ সংগঠনসমূহৰ অন্যতম আহ্বায়ক আছা ডিব্রুগড় জিলা সমিতিৰ উপদেষ্টা লখিন্দৰ কুর্মি, সভাপতি বিমল বাঘ আৰু সম্পাদক চনু উৰা নেতৃত্ব আজি চহৰখনৰ পাঁচটা দিশৰ পৰা ডিব্ৰুগড় জিলাৰ সকলো চাহ বাগিচা বন্ধ কৰি  শ্রমিক ৰাইজ একত্ৰিত হয় ডিব্ৰুগড় চৌকিডিঙ্গীত।  চাহ শ্রমিকৰ অস্তিত্ব ৰক্ষাৰ দাবীত ঘোষণা কৰা এই গণ আন্দোলনত সকলো শ্ৰেণীৰ ৰাইজক সহযোগ কৰিবলৈ আছা নেতৃত্বই আহ্বান জনোৱা আজি প্ৰায় ডেৰ-দুই  লাখৰো অধিক লোক সমবেত হয়।  জনজাতিকৰণ আৰু ভূমি পট্ৰা প্ৰদানকে মুখ্য দাবী লৈ ডিব্ৰুগড়ত চাহ জনগোষ্ঠীয় লোকসকলে তীব্ৰ প্ৰতিবাদ কৰে ।অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘকে ধৰি ১৩৬ টা চাহ জনগোষ্ঠীৰ জাতীয় সংগঠনৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হয় বিশাল গণ সমাবেশ। ডিব্ৰুগড় চৌকিডিঙ্গি ৰাজপথ অচল হৈ পৰিছে। প্ৰায় এক ডেৰ লাখ চাহ জনগোষ্ঠীলোকে ডিব্ৰুগড় ৰাজপথত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।আমাক জনজাতিকৰণ কৰিব লাগিবই, ভূমি পট্ৰা প্ৰদান কৰিব লাগিব , চাহ শ্ৰমিকৰ দিন মজুৰি বৃদ্ধি কৰিব লাগিব আদি সংগ্ৰামী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে চাহ জনগোষ্ঠীলোকসকলে ।নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভৱিষ্যত দিনবোৰত অধিক ভয়াবহ পৰিৱেশ সূচনা হব বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে।