অণুগল্প
অনুশোচনা
শৈলেন কুমাৰ
মিৰ্জা ,কামৰূপ
আমুকাৰ বিয়া হোৱাৰ দিনধৰি ছাঁটো দেখিবলৈ দুৰ্লভ হৈছে বুজিছানে,এতিয়া কিজানি সি ঘৈণীয়েকৰ আলপাচন ধৰাত ব্যস্ত ৷ বন্ধুবৰ্গৰ লগত আড্ডা দিয়া,ঘুৰাফুৰা সি সকলো ত্যাগ কৰিলে ৷ এৰা ! আনক সুখী কৰাৰ পৰিৱৰ্তে সি নিজে সুখী হবলৈ শিকিছে,আনক সন্তুষ্ট কৰাৰ পৰিৱৰ্তে সি নিজে সন্তুষ্ট হবলৈ শিকিছে ৷ স্বাৰ্থলোভী বন্ধুত্বৰ চলেৰে বিষ ধালিব বিছৰা সেই বিষাক্ত শিকলি ডালৰ বান্ধোন খুলি সি স্বাধীন হবলৈ শিকিছে ৷