অনুভৱ – নাচিমা  য়াচমিন

অনুভৱ

নাচিমা  য়াচমিন,বিশ্বনাথ চাৰিআলি

“ভালপোৱা “— শব্দৰ কোলাহলত নহয়, নীৰৱতাতেই ইয়াৰ গভীৰতা।”I love you” শব্দটো ক’ব পৰা যিমান সহজ, ইয়াক মৰমৰ যাদুকৰী ক্ষমতাৰে ধৰি ৰখাটো বৰ কঠিন। যদি ভালপোৱা কেৱল এই কেইটামান অক্ষৰতেই সীমাবদ্ধ হ’লহেতেন, তেন্তে কিয় হাজাৰ হাজাৰ হৃদয়ে নিশাৰ অন্ধকাৰত উচুপে? কিয় মানু্হবোৰে বিৰহৰ মানসিক যন্ত্ৰণাত ছট ফটাই ফুৰে,,,,? কিয় ইয়াক উচ্চাৰণ কৰাৰ পাছতো হৃদয়বোৰ একে লগত স্পন্দিত নহয়?
ভালপোৱা—এক স্পৰ্শ,  এক অনুভৱ যি হৃদয়ৰ পৰা হৃদয়লৈ প্ৰৱাহিত হয়। ইয়াৰ অন্য এক নাম অপেক্ষা। অপেক্ষা, বিশ্বাস, আদিৰ ওপৰত ভিত্তি কৰি ভালপোৱা খিনি গভীৰ আৰু সুন্দৰ হয়, চিৰ স্থায়ী হয়। ভালপোৱা এনে এক অনুভূতি যাক মুখেৰে কৈ প্ৰকাশ কৰিব নালাগে, নিঃশ্বাস, চকুৰ চাৱনি, হৃদয়ৰ স্পন্দনেই সকলো কথা ব্যক্ত কৰি দিয়ে। প্ৰকৃত সংগীক  শব্দৰ প্ৰয়োজন নহয়।
বিশ্বাস—ই প্ৰেমৰ পৱিত্ৰতম ৰূপ।চকু বন্ধ কৰি যাক বিশ্বাস কৰিব পাৰি, তেওঁৱেই আটাইতকৈ আপোন মানু্হজন। তেওঁক মুখেৰে “ভালপাওঁ” বুলি নক’লেও , তেওঁ সদায় গোটেই হৃদয়জুৰি অধিকাৰ কৰি ৰাখে।ভালপোৱা ওলট-পালট কৰা শব্দৰ খেলা নহয়,ই হৈছে এক নিৰ্বাক উপস্থিতি—য’ত শব্দবোৰ থমকি যায়,আৰু হৃদয়ে কথা কয়।