অনুভৱৰ সপোন
হাফিজ গিয়াছউদ্দিন আহমেদ,
ধূলা, হিৰাপাৰা
মইও দেখিছিলো সপোন,
সেই সপোন যে আছিল
অনুভৱৰ।
জীৱন পৰিৱৰ্তন কৰিবলৈ
ৰচিছিলো সপোন,
সেই সপোন যে আছিল
অনুভৱৰ।
তুমি দিয়া এষাৰ মাততে
অনুভৱৰ সপোন জাগ্রত হবলৈ ধৰিছিল।
ভাবিছিলো সপোন বাস্তবত
পৰিণত হ’ব,
কিন্তু বাস্তবত পৰিণত ন’হল
কাৰণ সেই সপোন যে আছিল অনুভৱৰ।
অনুভৱৰ সপোন অনুভৱেই
হৈ ৰ’ল স্মৃতিবোৰ হে ৰৈ গ’ল
জীৱন নামৰ পৃষ্ঠাত।