অনুভৱৰ মূল্য – আয়শা ছিদ্দিকা

অনুভৱৰ মূল্য 

আয়শা ছিদ্দিকা (আছৰি),বাংলিপাৰা, বৰপেটা 

সন্ধিয়া মনিকা কলেজৰ পৰা ঘৰলৈ ওভতনি পথত এটা মানিবেগ বিচাৰি পালে। আগৰে পৰাই কেতিয়াবা এনেধৰণৰ বস্তু পালেও মানুহে স্বাৰ্থৰ বাবে বেছি চিন্তা কৰে।কিন্তু আজি মনিকাৰ কৌতূহলে তাইৰ বিবেকত এটি শিহৰণ জগাই তুলিছিল।

মানিবেগখন খুলিবলৈ কিছু সময় দ্বিধাত থাকিলেও অবশেষত সেয়া খুলিলে। ভিতৰত আছিল এটা পাঁচ লাখ টকাৰ  এখন চেক, এখন হাতৰে লিখা চিঠি, আৰু এটা কালধুমুহা মুখৰ পুৰণি ফটো।

চিঠিখনত লিখা আছিল:

“যদি এই মানিবেগখন কোনো সহৃদয় ব্যক্তি পায়, অনুগ্ৰহ কৰি মোৰ পত্নীক এই চেকখন দিয়ক। তাই মোৰ শেষ উপাৰ্জন। মোৰ জীৱনৰ সকলোতকৈ মূল্যবান সম্পদ আছিল তাই। মই তাইৰ ওচৰত  বহু ঋণী।”

চিঠিখন পঢ়ি মনিকাৰ চকুত অজানিতে লোত পৰি আহিল। এটা অচিনাক্ত অন্তিম অনুৰোধত হৃদয় গলি গ’ল।পিছদিনা তাই ঠিকনা অনুসৰি গৈ মানিবেগখন প্ৰাপ্য ব্যক্তি‌ৰ হাতত‌ তুলি দিলে। ঘূৰি আহোঁতে মনিকাৰ অন্তৰত এটা গভীৰ বোধ জন্ম ল’লে সঁচাকৈয়ে মানুহৰ জীৱনত মূল্য সম্পত্তিৰ নহয়, মূল্য টকাৰ নহয়, মূল্য অনুভৱৰ, মূল্য ভালপোৱাৰ, মূল্য আন্তৰিকতাৰ।