অনুভৱৰ উৎস তুমি
ৰামেশ্বৰ নাথ
গহিয়া, বৰপেটা
মোৰ শব্দ কানন
জীপাল কৰি ৰখা
তুমিয়েই সেই অনুভৱৰ উৎস,
তোমাৰ স্মৃতিতে প্ৰাণ পায় উঠে
চৰ্চাৰ অভাৱত লেৰেলি যাব ধৰা
মোৰ শব্দৰ কলি ।
আজি কালি তুমিও
সপোনত দোভাগ নিশা
শেতেলীত বহি
আমনি নকৰা হ’লা,
কি অভিমানেৰে অভিমানী হ’লা
কল্পনাৰ মানসপটত
দেখো ধৰা নিদিয়া হ’লা ।
সেয়ে চাগে বিষাদৰ বালিচৰত
আজিও ফুলা নাই
কবিতা নামৰ বৃক্ষৰ কলি ।
বিষাদ আজি জৰ্জৰিত
হেৰুৱা সংজ্ঞা বিচাৰি ।
প্ৰেমিক যুগলৰ প্ৰতিচ্ছবি
ৰক্ত গোলাপেও আজি সংকল্পবদ্ধ ,
তোমাৰ অবিহনে হেনো
শুৱনি নকৰে
মোৰ হৃদয়ৰ কানন ।