অনুভৱী মনে বিচাৰে জানা
মুন শৰ্মা, লখিমপুৰ
অনুভৱ তেতিয়াই………
কজলা দুচকুৰে যেতিয়া তুমি এপলক চাই,
ওঁঠত এটি সোণাৰুবুলীয়া হাঁহিৰে যেতিয়া,
বকুল সৰা বাটেৰে তুমি যোৱা,
সেই আবেলি টোত…..
সময় বোৰ যেন ৰৈ গ’ল।
কিছু পৰ তদ্ধ যেন সমস্ত সৃষ্টি,
মই যেন নিসংগ,জগতত মাত্ৰ তুমি আৰু মই,
আৰু যেন কোনো নাই শূণ্য মাথোঁ শূণ্য চৌদিশ,
সময় তেতিয়াই,কি আচৰিত! বসন্ত নামি আহে,
ফাগুনো আহে, লগত সেই শাৰদী আছেই ,
ঠন ধৰে এখনি মোহিত বাগিচা,
ফুলি উঠে এমুঠি প্ৰেমৰ শতফুল,
বৈ যায় প্ৰণয়ৰ এখনি প্ৰশান্ত নৈ।
অনুভৱ তেতিয়াই………
কাষতে থকা পালতৰা নাও খনতে ,
তোমাক কাষতে লৈ……..
বহু দূৰ গুচি যাম,
কিছু প্ৰেমৰ আলাপ আৰু এমুঠি প্ৰেম গীতক সাৰথি কৰি,
আৰু………. উভতি আহিম,
সূৰ্যাস্ত পাছৰ জোনাকীৰ জিলমিলত দেখা বাটেৰে।