অনুভূতি হেৰুৱাই অসমীয়া আজি কঙাল – আয়শা ছিদ্দিকা

Pc Vecteezy

অনুভূতি হেৰুৱাই অসমীয়া আজি কঙাল 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

অসমীয়া জাতি আজি কঙাল। কিয়নো অসামাজিক কাম কাজ, ৰাজনৈতিক শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বা মাত মাতিবলৈ সাহস গোটাব নোৱাৰে কোনেও। যি অসমীয়াই প্ৰতিবাদ কৰি, যুদ্ধ কৰি ইংৰাজৰ দৰে এক বিশাল সাম্ৰাজ্যক বিতাৰিত কৰি দেশৰ মাটি ভেটি বিদেশৰ হাতৰ পৰা মুক্ত কৰিব পাৰে সেই অসমীয়া জাতি আজি নিজেই নিজৰ শত্ৰু। নিজৰ স্বাৰ্থৰ ৰোষত বন্দী হৈ আজি মানৱতাৰ গুণ হেৰুৱাইছে। অনুভূতি হেৰুৱাই যেন নিজকে নিজে পাহৰিছে আৰু সেই সুযোগ গ্ৰহণ কৰিছে সুবিধাবাদীয়ে আৰু সেই সুযোগতে শোষণ, দুৰ্নীতি চলাই যায়। আৰু ইফালে অসমীয়া জাতি নিজৰ মাজত একতা হেৰুৱাই বলি হয় বেলেগ এক পক্ষৰ শোষণৰ।

ইয়াৰ ওপৰিও আগতে গাওঁ বা সম্প্ৰদায় এখনত থকা আন্তঃনিৰ্ভৰশীলতাৰ সম্পৰ্কই এই ধৰণৰ হিংসা আৰু কৰ্মক প্রতিহত কৰিছিল। বৰ্তমান সেই সামাজিক বান্ধোন দুৰ্বল হৈ আহিছে।বহুক্ষেত্ৰত দীৰ্ঘদিনীয়া অৰ্থনৈতিক অসন্তুষ্টি, ভৱিষ্যতৰ অনিশ্চয়তা আদিয়ে মানুহৰ মনত এক ধৰণৰ হতাশা আৰু খংৰ সৃষ্টি কৰে। এই খং অন্যান্য দুর্বল গোটৰ ওপৰত উজাৰ দিয়া হয়।কেতিয়াবা বিশেষ গোট বা ব্যক্তিয়ে ৰাজনৈতিক বা সামাজিক উদ্দেশ্য সাধনৰ বাবে এই ধৰণৰ হিংসাক উৎসাহিত কৰে বা কৌশলগতভাৱে উপেক্ষা কৰে।এই সমস্যাৰ সমাধান একক নহয়, বহুমুখী। ইয়াৰ বাবে নতুন প্ৰজন্মক সহনশীলতা, বিভিন্নতাৰ সৈতে থকা বুজাপৰা আৰু সংবেদনশীলতা শিকোৱাটো অতি প্রয়োজন। অসমীয়া সমাজ ঐতিহাসিকভাৱে সহনশীল, আত্মীয়তাবোধপূৰ্ণ আৰু মানৱীয় গুণৰে সমৃদ্ধ। আমাৰ সংস্কৃতি আৰু মূল্যবোধই আমাক এই ৰোগৰ পৰা মুক্ত হ’বলৈ শক্তি দিব। প্রয়োজন মাত্ৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ একোগোটাই সচেতন হোৱা আৰু এই বীভৎসতাৰ বিৰুদ্ধে থিয় দিয়া।

অন্যায়টো অন্যায় বুলি কোৱাৰ সাহস ৰাখিব লাগে বীৰ লাচিতৰ দেশৰ সন্তান হৈ অন্যায়, দুৰ্নীতি,শোষণ, নত শিৰে স্বীকাৰ কৰি  নিজৰ যি অভ্যন্তৰীণ দুৰ্বলতাৰ বহিঃ প্ৰকাশ কৰে নিসন্দেহ ই লাজৰ বিষয়। অন্যায়ৰ পক্ষ যিমানেই শক্তিশালী হওক তাৰ প্ৰতিবাদ, প্ৰতিৰোধ একমাত্ৰ একতাৰ বলেৰে সম্ভৱ। যদিও  অসমীয়াৰ এটা অংশ স্বাৰ্থৰৰোষত নিজৰ বিবেক, নিজৰ স্বত্তাক নিজৰ গৌৰৱ, সৌষ্ঠৱ পাহৰি

অত্যাচাৰ, নিৰ্যাতন, শোষণ কৰাত ব্যস্ত যিয়ে পাহৰিছে মানৱীয়তাৰ পৰম সোৱাদ, ভাতৃত্তৰ আমেজ , একতাৰ সোৱাদ, সংবেদনশীল মন, অনুভূতিৰ হেৰুৱাই মাথোঁ ডুবি আছে আত্মতৃপ্তিৰ মিছা মায়া চক্ৰত।

  অসহায় লোককৰ ওপৰত অত্যাচাৰ চলাই শান্তি পোৱা লোক কেতিয়াও কোনো জাতিৰ বাবে সুবিধাৰ নহয় এনে ব্যক্তিত্বৰ মানুহ সুযোগ পালেই নিজৰ পৈচাশিক শান্তিৰ বাবে সকলোকে আঘাত কৰিব পাৰে।

কথা হ’ল জাতি এটা সভ্যতাৰ শীৰ্ষত নিবলৈ হ’লে প্ৰথমতে মানৱতা,একতাৰ এনাজৰী আৰু ভাতৃত্ববোধৰ স্থাপন অত্যন্তজৰুৰী। নহ’লে জাতি,সমাজৰ লগতে দেশ এখন ধ্বংস হ’বলৈ সময় নালাগে।