অনুভূতি নাগৰিক মঞ্চৰ গণৰাজ্য দিৱস উদ্‌যাপন

অনুভূতি নাগৰিক মঞ্চৰ গণৰাজ্য দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৭৩ সংখ্যাক গণৰাজ্য দিৱসৰ সতে সংগতি ৰাখি বুধবাৰে বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চই মঞ্চৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয় প্ৰাংগণত‌ গণৰাজ্য দিৱস উদ্‌যাপন কৰে। এই অনুষ্ঠানত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক,লেখক-সমাজকৰ্মী আজিজুৰ ৰহমান শইকীয়াই। পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ দেশৰ‌ সংবিধানৰ গৰিমা অক্ষুণ্ণ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে বুলি মত পোষণ কৰাৰ লগতে দেশৰ গণতান্ত্ৰিক পৰিকাঠামোত আঘাত কৰিব বিচৰা সকলো ধৰণৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ সকলোকে আগবাঢ়ি অহাৰ আহ্বান জনায়। মঞ্চৰ সভানেত্ৰী মানসী আদিলৰ সামগ্ৰীক পৰিচালনাত চৰকাৰী ক’ভিড বিধি মানি অনুষ্ঠিত হোৱা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া গজনাফৰ আদিল,অধ্যাপক মহিদুল ইছলাম, সমাজকৰ্মী আলম ৰহমান, নন্দেশ্বৰ নাথ, ইউচুফ আলম চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা পাৰবীন ৰহমান,মাজিদা আহমেদ, মমী ৰহমান,ৰুফিয়া ৰহমান, ৰুফিয়া আহমেদ, অনুৱাৰা বেগম প্ৰভৃতি অনুভূতিৰ সদস্য সকল উপস্থিত থাকে।