অনুভূতি  – দৰিনা পায়ুন

Pc Togetherall

অনুভূতি 

দৰিনা পায়ুন, মাজুলী

চহৰৰ ৰাস্তাবোৰ সদায় ভিৰেৰে ভৰা। মানুহ, গাড়ী, শব্দ, — সকলো মিলি যেন মনালিছাৰ মূৰত দিনে-ৰাতি একেই কথা ঘূৰি থাকে।
মনালিছা এজনী কলেজীয়া ছাত্ৰী। Career, future — এই শব্দবোৰেই এতিয়া তাইৰ জীৱনৰ মূল শব্দ। সকলোয়ে কয়,
“Top কৰিব লাগিব।”
ইটো – সিটো হ’ব লাগিব।”
“Time waste নকৰিবা।”
কিন্তু কোনেওঁ কেতিয়াও সোধা নাই —”তই সুখী নে?”
দিনে দিনে তাইৰ মনটো বোজা হৈ গৈছিল। মোবাইল খুলিলেই আনৰ success, আনৰ marks, আনৰ life। নিজৰ জীৱনটো যেন তুলনাত হেৰাই গৈছিল।
ৰাতি চকুত টোপনি নাহে, দিনত মন পঢ়াত নালাগে। এনেকুৱা লাগে যে সকলো সমাপ্ত কৰি বহুত দূৰলৈ গুছি যাও।
এদিন হঠাৎ তাই এটা কাম কৰিলে —Social media off।
College বন্ধ।
আৰু কেইদিনমানৰ বাবে তাইৰ মামাকৰ ঘৰলৈ।
সেই ঠাইত নাছিল network।
নাছিল competition।
Chill মাথোঁ — আকাশ, সেউজীয়া গছ, ঠাণ্ডা বতাহ আৰু পাহাৰ।
প্ৰথম দিন তাই আমনি লাগিছিল । মোবাইল নাথাকিলে যেন কিবা হেৰাই গৈছে।
কিন্তু দ্বিতীয় দিন তাই বুজি পালে —
আচলতে তাই নিজেই নিজক হেৰাই পেলাইছিল।
পাহাৰৰ ওপৰত বহি সূৰ্যাস্ত চোৱা সময়ত তাই ভাবিলে —
“মই কিয় পঢ়িছোঁ? কেৱল আনক সুখী কৰিবলৈ নে নিজৰ সপোন পূৰণ কৰিবলৈ?”মাজে মাজে তাই ভাবিছিল পঢ়া শুনা কৰা তো জৰুৰী নেকি? ইমান সুখৰ জিৱন ইয়াত!
সেই দিনটোত তাই প্ৰথমবাৰৰ বাবে নিজৰ সৈতে কথা পাতিলে।
কোনো pressure নাছিল।
কেৱল নিজৰ মনৰ মাত।
চহৰলৈ ঘূৰি আহিলেও সকলো আগৰ দৰে আছিল।
Exam আছিল। Stress আছিল।
কিন্তু মনটো এতিয়া বেলেগ।
এইবাৰ তাই পঢ়ে ভয়ত নহয়,
পঢ়ে নিজৰ লক্ষ্যৰ বাবে।
কাৰণ তাই বুজি গৈছিল —
Success মানে কেৱল rank নহয়,
Success মানে নিজৰ মনটোক হেৰুৱাই নিদিয়া।
“কেতিয়াবা জীৱনত অলপ থমকি নিজক সোধাটো খুব প্ৰয়োজন — মই দৌৰি আছোঁ, কিন্তু কলৈ?”
চহৰলৈ ঘূৰি অহাৰ পিছত মনালিছাৰ জীৱনটো ধিৰে ধিৰে সলনি হ’ব ধৰিলে। আগতে যি সময়ত তাই ঘড়ীৰ কাঁটাৰ সৈতে দৌৰিছিল, এতিয়া সেই সময়ত তাই নিজৰ সৈতে নদৌৰে , কেৱল নিজক বুজিবলৈ চেষ্টা কৰে।
মোবাইল এতিয়াও তাই ব্যৱহাৰ কৰে, কিন্তু আগৰ দৰে নহয়। Scroll কম, silence বেছি।
Comparison কম, concentration বেছি।
তাই লক্ষ্য কৰিলে —
সকলো ছাত্ৰ-ছাত্ৰী একে দৌৰত, কিন্তু সকলোৰে দিশ বেলেগ।
কোনোবাই দৌৰে সমাজৰ ভয়ত,
কোনোবাই দৌৰে মাক-দেউতাৰ সপোনত,
আৰু কোনোবাই — নিজৰ চিনাকি হেৰাই।
এইবাৰ result ত তাই Top 2 ত আহিলে । আগতে হলে তাই কান্দি থাকিলেহেঁতেন।
কিন্তু এইবাৰ তাই এইবোৰৰ বন্ধ কৰি মাথোঁ ক’লে —
“এইটো মোৰ শেষ নহয়, এইটো মোৰ feedback।”
সেই নিশা ডায়েৰীত তাই প্ৰথমবাৰৰ বাবে লিখিলে —
“মই perfect নহয়, কিন্তু মই progressing।”
এইটো লাইন তাইৰ জীৱনৰ মন্ত্ৰ হৈ পৰিল।
আগতে তাই ভাবিছিল break মানে পিছপৰা।
এতিয়া তাই বুজে — break মানে rebuild।
প্ৰকৃতি ত যি শান্তি পাইছিল, সেই শান্তি তাই এতিয়া নিজৰ ভিতৰতে বিচাৰি পায়।
শব্দ বাহিৰত আছে,
কিন্তু মনৰ ভিতৰত এতিয়া clarity।
মনালিছা এতিয়া top হোৱাৰ চিন্তা নকৰে,
কিন্তু lost হ’বলৈও নিদিয়ে নিজকে।

“এইবাৰ তাই দৌৰে, কিন্তু ভয়ৰ পৰা নহয় —
এইবাৰ তাই দৌৰে, নিজৰ দিশত।”