অনুপ্ৰৱেশকাৰীক অসমৰ পৰা খেদি পঠিওৱা হ’বঃঅমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- নির্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনা কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে বৰাকত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে। বৰাকৰ পাথাৰকান্দি সমষ্টিৰ লালমাটি কলাফিল্ড, হাইলাকান্দি আৰু শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে বিজেপি প্রার্থী কৃষ্ণেন্দু পাল, ড° মিলন দাস, ডাঃ ৰাজদীপ ৰায় আৰু ৰাজদীপ গোৱালাৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। প্ৰচাৰৰ অন্তিম দিনটোত বৰাকৰ নিৰ্বাচনী সভাত অংশগ্রহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে আক্রমণাত্মক হৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বছৰ বছৰ ধৰি কিদৰে কংগ্ৰেছে অসমক অবৈধ বিদেশীক বৰপীৰা পাৰি দি অসমীয়া খিলঞ্জীয়া লোকৰ অস্তিত্ব সংকটৰ দিশে ঠেলি দিছে সেয়া দাঙি ধৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে বিজেপিক পুনৰ সমর্থন দিয়া বাবে সকলো শ্রেণীৰ লোকক আহ্বান জনায়। আটাইকেইখন প্ৰচাৰ সভাতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ অনুপ্ৰৱেশৰ সমস্যাক লৈ সৰৱ হয় আৰু অসমৰ পৰা এজন এজনকৈ অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি খেদি পঠিওৱা হ’ব বুলি ঘোষণা কৰে। বিৰোধী কংগ্ৰেছক কঠোৰ সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে কয় যে কংগ্ৰেছে ভোটবেংকৰ স্বার্থত অবৈধ অনুপ্রৱেশকাৰীক সমৰ্থন কৰিছে। অনুপ্ৰৱেশক লৈ কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতি কৰিছে। বিজেপিৰ চৰকাৰ হ’লে অসমক অবৈধ অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰিব বুলি মন্তব্য কৰি কেউখন সভাতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাত এনডিএৰ চৰকাৰ হ’লে বন্ধ হ’ব অনুপ্ৰৱেশ।

শ্রীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ প্রার্থী কৃষ্ণেন্দু পাল আৰু হাইলাকান্দিৰ প্ৰাৰ্থী ড° মিলন দাসৰ হৈ চলোৱা প্ৰচাৰ সভাত কংগ্ৰেছক তীব্র আক্ৰমণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমক অনুপ্রৱেশকাৰীপ্রধান অঞ্চল হ’বলৈ নিদিয়াৰ হুংকাৰ দিয়ে। আগন্তুক নির্বাচনত ইয়াৰ বাবে বিজেপি চৰকাৰক নিৰ্বাচন কৰিবলৈ ভোটাৰসকলক আহ্বান জনায় কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনাৰ লক্ষ্য কৰি শ্বাহে কয়- ৰাহুল বাবা, এই কথা উচ্চস্বৰে আৰু স্পষ্টকৈ কৈছোঁ শুনা- আমি অসমক অনুপ্রৱেশকাৰীপ্রধান অঞ্চল হ’বলৈ নিদিওঁ। শ্বাহে অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমৰ স্থানীয় যুৱক-যুৱতী, দৰিদ্ৰ পৰিয়াল আৰু চাহ বাগিচাৰ শ্ৰমিকৰ বাবে নিৰ্ধাৰিত চাকৰি, ৰেচনৰ সুবিধা আৰু মজুৰি কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছৰ বাবেই অসমৰ জনগাঁথনি আৰু ৰাজনৈতিক পৰিৱেশত প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰি শ্বাহে কয় যে বিগত কংগ্ৰেছ চৰকাৰসমূহে ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী আইন বাতিল কৰি আইনী সুৰক্ষা ব্যৱস্থা দুৰ্বল কৰি তুলিছিল আৰু ১৯৮৩ চনত আইএমডিটি আইন প্ৰৱৰ্তন কৰি অবৈধ প্ৰব্ৰজনকাৰীক আশ্রয় দিছিল। ‘কা’ আইনৰ বিৰোধিতা কৰা কংগ্ৰেছ দলটোক সমালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় যে অসমৰ নিৰ্যাতিত লোকসকলক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তা আছে। কৰিমগঞ্জ অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যৰ ভূয়সী প্রশংসা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জক শ্রীভূমিলৈ সলনি কৰাৰ প্রতিশ্রুতি আছিল বিজেপিৰেই। হাইলাকান্দি সমষ্টিৰ ড° মিলন দাস আৰু শিলচৰ সমষ্টিৰ ডাঃ ৰাজদীপ ৰায় তথা ৰাজদীপ গোৱালাৰ হৈ প্ৰচাৰ অভিযানত নমা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অনুৰূপ মন্তব্যকেই কৰে। শিলচৰত হোৱা প্ৰচাৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়- আমাক অসমত ৫ বছৰ দিয়ক। আমি অনুপ্ৰৱেশকাৰীক ৰাজ্যৰ পৰা উভালি পেলাম আৰু সকলোকে ঘূৰাই পঠিয়াই দিম। প্রথম ৫ বছৰত আমি অনুপ্ৰৱেশ বন্ধ কৰিছোঁ। দ্বিতীয় ৫ বছৰত অনুপ্ৰৱেশকাৰীক চিহ্নিত কৰা হৈছে। এইবাৰ বিজেপি চৰকাৰ আহিলে বিচাৰি বিচাৰি এজন এজনকৈ অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হ’ব। যোৱা ১০ বছৰত অসমত কোনো গুলী ফুটা নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ দিনত অসমসহ উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি ঘূৰি আহিছে। বিজেপিৰ দিনত অসমখনত উন্নয়ন আৰু বিকাশৰ নৈ বৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনৰ দিনত অসমখন সুন্দৰ হৈ উঠিছে। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত ফাইটাৰ জেটে অৱতৰণ কৰিছে। ৰাজ্যৰ ৬ লাখ চাহ শ্রমিকক অনুদান প্রদান কৰা হৈছে। শিলচৰ আৰু কাছাৰত শিলচৰ হাইস্পীড কৰিড’ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। কেঞ্চাৰ কলেজ স্থাপন কৰা হৈছে। লাখপতি বাইদেউসকলক ২৫ হাজাৰ টকাকৈ পুনৰ দিয়া হ’ব ব্যৱসায়ৰ কাৰণে। অসমৰ গামোচাক প্রধানমন্ত্রী মোদীয়ে বিশ্বত জিলিকাই তুলিছে। ১২০খন মডেল স্কুল বনাইছে বিজেপিয়ে। চাহ শ্ৰমিকৰ উন্নয়নৰ কাৰণে বিস্তৃত আঁচনি গ্রহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে।
