অনুকম্পামূলক নিযুক্তিৰ নামত সংঘটিত হোৱা ব্যাপক দুর্নীতিৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ

pc facebook

অনুকম্পামূলক নিযুক্তিৰ নামত সংঘটিত হোৱা ব্যাপক দুর্নীতিৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০০৭ চনত ৰাজ্যত অনুকম্পামূলক নিযুক্তিৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগ উথ্থাপন কৰিছে দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমে৷ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত সংগঠনটোৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে কয়- তথ্য জনাৰ অধিকাৰ আইন ২০০৫ৰ জৰিয়তে লাভ কৰা তথ্যৰ আধাৰত এই বিস্ফোৰক দুর্নীতি প্রত্যক্ষ কৰিছোঁ। য’তনেকি উপযুক্ত প্রার্থীক বঞ্চিত কৰি স্বজন তোষণৰ জৰিয়তে অনুপযুক্ত প্রার্থীক নিযুক্তি দিয়া হৈছিল। উদাহৰণ হিচাপে ২০০৭ চনত লখিমপুৰ জিলাৰ উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰৰ এটা তৃতীয় শ্রেণী পদৰ বাবে লখিমপুৰ জিলাৰ সেই সময়ৰ জিলা উপায়ুক্ত মনিষ ঠাকুৰৰ নেতৃতত উত্তৰ লখিমপুৰ জিলা বাচনি কমিটী গঠন হৈছিল। এই বাচনি কমিটীয়ে বয়সৰ জালিয়াতি আৰু শিক্ষাগত প্ৰমাণ পত্ৰৰ জালিয়াতিৰে চাকৰি কৰা তোষেশ্বৰ বৰা নামৰ কৰ্মচাৰীজনৰ পুত্ৰই ধন আৰু স্বজন-তোষণৰ বিনিময়ত অনুকম্পামূলক নিযুক্তিৰ বাবে যোগ্যতা অর্জন কৰিছিল। য’ত যোগ্য প্রার্থীক বঞ্চিত কৰি অযোগ্য এজনক অনুকম্পামূলক নিযুক্তিৰ বাবে নাম অনুমোদন কৰিছিল জিলা বাচনি কমিটীয়ে। এই সম্পর্কত নিযুক্তি পর্ব চলি থকা সময়তে উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ গুৱাহাটী বামুণীমৈদামস্থিত আয়ুক্ত কাৰ্যালয়ত বঞ্চিত সকলে অভিযোগ কৰিছিল কিন্তু আয়ুক্ত কার্যালয়ে সেই সময়ৰ চৰকাৰৰ সোপাঢিলা নীতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰি পৰৱৰ্তী পৰ্যায়ত একাংশ বিষয়াক লৈ গঠিত হোৱা ৰাজ্যিক অনুকম্পামূলক বাচনি কমিটীয়ে স্বজন-তোষণৰ নীতি গ্রহণ কৰি ৰবীন বৰা নামৰ অনুপযুক্ত প্ৰাৰ্থীৰ্জনক অনুকম্পামূলক নিযুক্তিত অনুমোদন প্রদান কৰে৷ গতিকে উপৰোক্ত জিলা বাচনি কমিটী আৰু ৰাজ্যিক বাচনি কমিটীৰ সকলো সদস্যকে তদন্তৰ আওঁতালৈ আনি কি কাৰণত আৰু কিহৰ ভিত্তিত ভুৱা প্ৰমাণ-পত্ৰৰে চাকৰি কৰি থকা কৰ্মচাৰী পুত্ৰ ৰবীন বৰা নামৰ প্ৰাৰ্থীজনক অনুকম্পামূলক নিযুক্তি প্ৰদান কৰা হ’ল৷ এই অভিযোগ পত্ৰৰ সৈতে সংলগ্ন কৰা তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা সমূহ তথ্যত প্ৰাৰ্থীজনৰ পিতৃয়ে শিক্ষাগত আৰু বয়স জালিয়াতি কৰা জল-জল-পট-পটকৈ ওলাই পৰিছে। গতিকে সমূহ তথ্যৰ আধাৰত দুর্নীতি নিবাৰক শাখাই কংগ্ৰেছ চৰকাৰৰ আমোলত সংঘটিত হোৱা এই ভয়ানক দুৰ্নীতিৰ তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ। সমান্তৰালভাৱে অনুকম্পামূলক নিযুক্তিৰ নামত ২০০৭ চনৰ পৰা বঞ্চিত হোৱা প্ৰাৰ্থী সকলৰো মতামত গ্ৰহণৰ বাবে এক সুকীয়া ব্যৱস্থা কৰিবলৈ সংবাদ মেলৰ জৰিয়তে অনুৰোধ জনালোঁ৷