অনিন্দ্ৰা এটা ভয়াৱহ ৰোগ – মুন শৰ্মা

আলোকৰ যাত্ৰা শিতানলৈ
অনিন্দ্ৰা এটা ভয়াৱহ ৰোগ
মুন শৰ্মা, লখিমপুৰ
এটা সুস্থ নিৰোগী  দেহৰ বাবে  কিহৰ প্ৰয়োজন। ভাবিব গলে বহু খিনি কাৰকৰ কথা মনলৈ আহিব।সকলোৰে পৰা  কম বেছি পৰিমাণৰ  সুফল লাভ কৰাৰ  বাবেই আমি সুস্থ সৱল হৈ জীয়াই থকাৰ  সুবিধা পাওঁ। এই যে বিভিন্ন কাৰক বোৰ, তাৰ ভিতৰতে অন্যতম এটা কাৰক হ’ল আমাৰ টোপনি।কিয়নো টোপনিয়েও আমাক  সুস্থ দেহৰ অধিকাৰ লাভ কৰাৰ ক্ষেত্ৰত এটা  অতি গুৰুত্বপূৰ্ণ ভূমিকা লয়।টোপনি  এনে এটা কাৰক যাৰ দ্বাৰা আমি আমাৰ দেহক পৰ্যাপ্ত জিৰণি দি  আমাক দৈনন্দিন প্ৰতি সময়ত নিজৰ নিজৰ কৰ্ম কাৰ্য কৰিবলৈ  সতেজ সবল কৰি ৰাখে। যাৰ বাবে আমি দিনটোৰ  সকলো খিনি কাম সময় মতে নিয়াৰিকৈ কৰিব পাৰো।দুখৰ কথা বৰ্তমান সমগ্ৰ পৃথিৱীত এই টোপনি পৰ্যাপ্ত নোহোৱা মানুহৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি হোৱা দেখা গৈছে অৰ্থাৎ অনিদ্ৰা ৰোগত ভোগা দেখা গৈছে।ডাঙৰ ডাঙৰ চহৰৰ কথা বাদেই গাঁও অঞ্চলটো এই ৰোগত ভোগা মানুহ সংখ্যা কম বুলি ক’ব নোৱাৰি বৰ্তমান।এতিয়া কথা হ’ল এই  অনিন্দ্ৰা ৰোগটো নো কি? সাধাৰণ ভাবে কবলৈ গলে  অনিন্দ্ৰা ৰোগ মানে হ’ল  এজন মানুহৰ স্বাভাৱিকতে যিমান সময় টোপনি যোৱাৰ প্ৰয়োজন,তাতকৈ বহু গুণে কম টোপনি যোৱা বুজাই।এই ৰোগ থকা মানুহ জন অন্য ৰোগত যেনে  মানসিক ৰোগ,হৃদৰোগ, উচ্চ ৰক্তচাপ আদি ৰোগত ভৰি দিয়াৰ বহুত বেছি সম্ভাৱনা সৃষ্টি হয়। এই ৰোগ প্ৰধানত বিভিন্ন মানসিক চাপ, অত্যাধিক টিভি, কম্পিউটাৰ, স্মাৰ্টফোনত চকু ৰখা ভাবে হোৱা বুলি ধৰা হয়। আকৌ বৰ্তমান  যান্ত্ৰিক সমাজ ব্যৱস্থাত মানুহৰ কৰ্ম প্ৰণালী ও ইয়াৰ অন্যতম এটা কাৰণ।অন্য হাতে আচৰিত যদিও সত্য যে  অত্যাধিক চাহ, কফি, চকলেট খোৱাৰ ফলত  তাত থকা কুফেইন জাতীয়  দ্ৰৱ্য বাবেও ই সৃষ্টি হয়। অন্য হাতে অধিকাংশ মানুহে  কোনটো বয়সত কিমান টোপনিৰ প্ৰয়োজন  নজনাৰ বাবেও  অনিয়মিত টোপনিৰ অভ্যাস থকাৰ বাবে ই গঢ় লৈ উঠে মানুহৰ অজানিতে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্লীপ ফাউণ্ডেচনে প্ৰকাশ কৰা  সমীক্ষাত উল্লেখ কৰিছে যে এজন প্ৰাপ্তবয়স্ক মানুহ সাতৰ পৰা ন ঘণ্টা টোপনি যোৱাটো প্ৰয়োজন।এই সময় খিনি যদি আপোনাৰ টোপনি নহয় তেতিয়াই আপুনি সতৰ্ক হোৱা খুবেই প্ৰয়োজন।কিয়নো অনিন্দ্ৰা ৰোগৰ পৰা কোনো ঔষধ সেৱন কৰি মুক্ত হ’ব পৰা নাযায়।আপুনি, মই ,আমি  বিভিন্ন প্ৰন্থা অৱলম্বন কৰিলেহে ইয়াৰ পৰা মুক্ত হ’ব পাৰিম।অনিন্দ্ৰা ৰোগ নিৰাময় কৰাত বা হোৱাৰ পৰা বাচিবলৈ আমি কেইটামান অভ্যাস গঢ়ি  তুলিব লাগিব।
সেইসমূহ হল এনে ধৰণৰ
■ টোপনি যোৱা কিছু ঘণ্টাৰ আগৰ পৰা আমি কুফেইন জাতীয় দ্ৰৱ্য  উপলব্ধ হোৱা খাদ্যৰ পৰা আঁতৰি থাকিব লাগে।
■টোপনি যোৱাৰ কিছু সময়ৰ আগৰ পৰা সকলো ধৰণৰ চিন্তাৰ পৰা নিজকে দূৰত ৰখা উচিত।
■ ৰাতি এটা নিৰ্ধাৰিত সময়ত শুবলৈ যোৱা আৰু ৰাতিপুৱা এটা নিৰ্ধাৰিত সময়ত টোপনি পৰা উঠা অভ্যাস গঢ়ি তোলা উচিত।
■ টোপনি যোৱা কিছু সময়ৰ আগৰ পৰা বিভিন্ন যেন মোবাইল ফোন, টিভি,কম্পিউটাৰ আদিৰ পৰা দূৰত থকা উচিত।
সেয়েহে বহু জনে জানি বুজি আৰু বহু জনে নাজানি এনে ধৰণৰ ভুলৰ বাবেই সাধাৰণ ৰোগ বুলি ভুল ধাৰণা থকা এটা ভয়াৱহ ৰোগৰ শাৰীত পৰা অনিন্দ্ৰা ৰোগক গুৰুত্বহীন নাভাবি গুৰুত্ব সহকাৰে লৈ ইয়াৰ পৰা বাছি থাকে যেন সকলো লোক।