অনাবিল শান্তি – ইভা গন্ধীয়া ফুকন

PC - iStock
অণু গল্প
অনাবিল শান্তি
ইভা গন্ধীয়া ফুকন
হেৰা ইমান মাথামাৰি গল্প, কবিতা, প্ৰবন্ধ, উপন্যাস লিখি কিনো পোৱা । তোমাৰ লেখা কাকতত প্ৰকাশ পালেও পঢ়েনো কিমানে ? কিতাপ প্ৰকাশ কৰি টকাগালহে নষ্ট কৰা। পঢ়া মানু্হতকৈ লিখা মানু্হহে বেছি । অকণমান আজৰি সময় পালে ফুৰা- চকা, ৰং – ধেমালি কৰিব লাগে। মই লিখা মেলা কৰি মনত শান্তি পাওঁ বুজিছা অনাবিল শান্তি যিটো তুমি বুজি নোপোৱা বুলি শ্ৰীমতীয়ে উত্তৰ দিলে ।