অনলাইন গেম আৰু কলা বজাৰ – শৈলেন কুমাৰ

Pc Media Nama

অনলাইন গেম আৰু কলা বজাৰ

শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )

বৰ্তমান সময়ত মানুহৰ হাতে হাতে স্মাৰ্ট মোবাইল ফোন ৷ পৃথিৱীখন যেন এতিয়া এটা মোবাইল ফোনত আৱদ্ধ,মোবাইল ফোন এতিয়া জীৱনৰ অবিচ্ছেদ্য অংগ ৷ কিন্তু মোবাইল ফোনৰ সুফল আৰু কুফল দুয়োটাই পৰিলক্ষিত হয় ৷ ভাল কৰ্মৰ বাবে আৰু বেয়া কৰ্মৰ বাবে দুয়োটা দিশতে উপযোগী হয় ৷ আনহাতে দুষ্টচক্ৰ দুষ্কৃতিকাৰীয়ে এচাম লোকে মোবাইল ফোন ব্যৱহাৰ কৰি সমাজত বিয়পাই দিছে অনলাইন গেমৰ কলা বজাৰ ৷ যাৰফলত বহু লোক এই অনলাইন গেমৰ আসক্ত হৈ সৰ্বস্ব হেৰুৱাব লগা হৈছে ৷যাৰ প্ৰধান কাৰণ হৈছে বৰ্তমানৰ প্ৰজন্ম আৰামপ্ৰিয় আৰু সহজতে বক্ৰ পথৰে ধন ঘটাৰ লালসা ৷ লগতে ইয়াৰ দুপ্ৰভাৱ অকল আৰ্থিক স্খলনে নহয় শাৰীৰিক ভাৱেও পৰিছে,যাৰ পৰিণতি মানসিক অশান্তি,চকুৰ জৌতি কমি যোৱা আৰু বহুতো ৷ বাহিৰ জগতৰ লগত যোগাযোগ বিচ্ছিন্ন হোৱাৰ বাবে শাৰীৰিক অসুষ্ঠতা বৃদ্ধি,মুঠৰওপৰত মোবাইল ফোন যেন আমি ব্যৱহাৰ কৰা নাই বৰঞ্চ মোবাইল ফোনেহে আমাক ব্যৱহাৰ কৰি আছে ৷ কিন্তু এতিয়া আমি সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে,মোবাইল ফোনত অনলাইন গেমৰ পৰিৱৰ্তে বাহিৰা খেল খেলাৰ প্ৰয়োজন ,দৌৰ,ফুটবল,ভলীবল,টেনিছ ইত্যাদি খেল খেলা উচিত তেতিয়া শৰীৰ ও সুষ্ঠ থাকিব আৰু মানসিক শান্তি লাভ কৰিব ৷মোবাইল ব্যৱহাৰ কৰক কিন্তু জীৱনৰ মুল্যবান সময় অকল মোবাইলক ফোনকে দি নিজক ধংস কৰি নকৰিব ৷