অনলাইন আলোচনীৰ মুক্ত চিন্তাৰ নৱম বৰ্ষপুতিত বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা

অনলাইন আলোচনীৰ মুক্ত চিন্তাৰ নৱম বৰ্ষপুতিত বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ইলেক্ট্ৰ’নিক সংবাদ মাধ্যমেই হওঁক,ছপা মাধ্যমেই হওঁক নাইবা সামাজিক মাধ্যমেই হওঁক এতিয়া কোনো এটা সংবাদ মাধ্যমেই মুক্ত নহয় । সকলোতে বৃহৎ পুঁজিপতি গোষ্ঠী নতুবা প্ৰশাসন যন্ত্ৰৰ নিয়ন্ত্রণত চলিবলৈ বাধ্য হৈছে । এনে এক পৰিৱেশত মানুহৰ ‘মুক্ত চিন্তা”ৰ প্ৰকাশ স্তিমিত হ’বলৈ বাধ্য হৈছে । সেয়ে বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা আহি পৰিছে । ডিব্ৰুগড়ৰ পৰাই বিকল্প সংবাদ মাধ্যমৰ আৰম্ভণি কৰা হওক বুলি এক সিদ্ধান্ত লোৱা হয় যোৱা ১৪ জুলাইত, ড০ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ত “মুক্ত চিন্তা” অন-লাইন আলোচনীৰ নৱম বৰ্ষপূৰ্তি উপলক্ষ্যে আয়োজিত,যুক্তি বিকাশ সমিতিৰ উদ্যোগত অনুষ্ঠিত এক আলোচনাত সংবাদ মাধ্যম সন্দৰ্ভত গভীৰভাৱে আলোকপাত কৰা হয় । কেনেকৈ আগবাঢ়িলে জনগণে প্ৰকৃত বাক্ স্বাধীনতা সংবাদ মাধ্যমৰ যোগেদি পাবলৈ সক্ষম হ’ব এই সন্দৰ্ভত ভিন্নজনে মন্তব্য আগবঢ়ায় । আলোচনীখনৰ মুখ্য সম্পাদক কৌশিক দাস,যুটীয়া সম্পাদক টুনুজ্যোতি গগৈ,বৰ্ণালী বৰুৱা দাসৰ উপৰিও গৌতম গোস্বামী ,ভূষণজ্যোতি সন্দিকৈ, শৈলেন গোহাঁই আদিয়ে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ সাম্প্ৰতিক অৱস্থিতিৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে । অসমৰ সংবাদ মাধ্যমৰ সীমাবদ্ধতাৰ বিষয়েও বিভিন্নজনে মন্তব্য আগবঢ়ায় । আলোচনাত নলবাৰী, গুৱাহাটী,যোৰহাট আদি বিভিন্ন ঠাইৰ পৰা অহা বহু চিন্তাশীল লোক উপস্থিত থাকে । অলোচনাত চিন্তাশীল লেখক প্ৰসেনজিৎ চৌধুৰী,নাট্যকাৰ মুনীন শৰ্মা,লেখিকা সন্ধ্যা দেৱী, লেখক নৱজ্যোতি বৰগোহাঁই আদিয়ে অংশ গ্ৰহণ কৰে । অনুষ্ঠানত হেমাংগ বিশ্বাসৰ ‘জন হেনৰী’,ভূপেন হাজৰিকাৰ ‘গুম গুম গুম গুম মেঘে গৰজিলে’ আদি গণ সংগীত পৰিৱেশন কৰা হয় ।অন-লাইন আলোচনীখনে নটা বছৰ অতিক্ৰম কৰাৰ উপলক্ষ্যে ‘আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান’ শীৰ্ষক গণ সংগীতৰ এখন দুদিনীয়া কৰ্মশালাও অনুষ্ঠিত কৰে । সমল ব্যক্তি হিচাপে প্ৰশিক্ষাৰ্থীসকলক গীতৰ প্ৰশিক্ষণ দিয়ে হাছান ইকবাল আহমেদে । ১৩ জুলাইৰ অনুষ্ঠানত গণসংগীতৰ বিষয়ে বিদ্যালয়,মহাবিদ্যালয়ৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি বক্তৃতা প্ৰদান কৰে বৰ্ণালী বৰুৱা দাসে । ভাষণ প্ৰসংগত তেওঁ গণ সংগীতৰ ধাৰাটো শীৰ্ণ হৈ পৰাত উদ্বেগ প্ৰকাশ কৰে । নৱ প্ৰজন্মক এই ধাৰাটো ধৰি ৰাখিবলৈ তেওঁ আহ্বান জনায় ।