অনন্য প্ৰতিভাৰ বিষ্ণুপ্ৰসাদ ৰাভা
বিষ্ণু ৰাভা এজন বৰেণ্য ব্যক্তি।প্ৰেম, স্নেহ,বৈৰাগ্য,প্ৰীতি আৰু প্ৰেৰণাৰে জীৱন অতিবাহিত কৰা ৰাভাৰ জীৱন দৰ্শনো আছিল সৰল, উজ্জ্বল আলোকেৰে আলোকিত।সত্য-শিৱ-সুন্দৰ আৰু সংঘাতপূৰ্ণ জীৱনৰ চেতনাৰে জনগণক সাহিত্য সংস্কৃতিৰে মহানতা দেখুৱাই সুশোভিত কৰাই জীৱনৰ ব্ৰত আছিল। এইগৰাকী সুসন্তানে জন্মলাভ কৰিছিল ১৯০৯ চনৰ জানুৱাৰী মাহৰ৩১ তাৰিখ বৃহস্পতি বাৰে ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰাইফলছৰ আবাসী এলেকা ঢাকাৰ পিলখানাত ।পিতৃ গোপাল চন্দ্ৰ ৰাভা আৰু গেঠী ৰাভাৰ অষ্টম সন্তান আছিল।গোপাল ৰাভাৰ অৱসৰৰ পিছত তেওঁৰ ক্ৰীড়া ভূমি তেজপুৰ ৰত থাকিবলৈ লয়।বিবিধ গুণেৰে বিভূষিত বিষ্ণু ৰাভা সৰুৰে পৰাই অত্যন্ত উদ্যমী আৰু অতুৎসাহী আছিল।যাৰ বাবে সৰুতেই মহাজীৱনৰ সচবোৰ আকোঁৱালি লব পাৰিছিল ।উচ্চ প্ৰাথমিক পৰ্যায়লৈকে তেওঁ পঢ়াত বিশেষ সুফল দেখুৱাব পৰা নাছিল যদিও অষ্টম শ্ৰেণীৰ পৰা আগবাঢ়ি ১৯২৬ চনৰ প্ৰবেশিকা পৰীক্ষাত দৰংজিলাৰ ভিতৰতে সৰ্বোচ্চ হৈ উত্তীৰ্ণ হৈছিল।উষা-চিত্ৰলেখাৰ নগৰী তেজপুৰ এৰি কলিকতা মহানগৰীলৈ গুছি গৈছিল। বিজ্ঞানৰ ছাত্ৰ হিচাপে কলিকতাৰ চেন্টপলচ কলেজৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ লৰ্ড ৰিপন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ পঢ়োতে মেধাৰ গুণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।অৱশ্যে বিদ্যায়তনিক খ্যাতিৰ মোহত তেওঁ মোহবদ্ধ হৈ নাথাকিল। সংগ্ৰামী আভাৰে বিষ্ণু ৰাভাই জীৱন পাৰ কৰিলেও অন্যান্য দিশটো নৈপুণ্যতা বিদ্যমান। খেলুৱৈ হিচাপে মহাবিদ্যালয়ত পঢ়ি থকা সময়ত ক্ৰিকেট, হকী খেলৰ অধিনায়ক হোৱাৰ উপৰিও নিজৰ ক্ৰীড়া প্ৰতিভাৰ পৰিচয় দিছিল। কলিকতাৰ ভবানী পুৰত Pictures corporationনামৰ সংস্থাৰ জৰিয়তে বোলছবি নিৰ্মাণ কৰিবলৈ বিচাৰিছিল যদিও হৈ নুঠিছিল।তেনেতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘জয়মতী’ ছবিখন নিৰ্মাণৰ বাবে তেওঁ সহযোগিতা আগবঢ়ালে।যিখন বোলছবি জগতৰ প্ৰথম ছবি ।জয়মতী চৰিত্ৰৰ অভিনেত্ৰী আছিল গোলাঘাট জিলাৰ মহুৰামুখৰ আইদেউ সন্দিকৈ।যি গৰাকী বোলছবিত অভিনয় কৰি জীৱন জুৰি অনাদৃত হৈছিল। জয়মতী বোলছবিৰ লগত জড়িত হোৱাৰ পিছত গ্ৰামফোন ৰেকৰ্ড ৰ দ্বাৰা অসমীয়া গীত আৰু নাটকক জনপ্ৰিয় কৰি অসমীয়া সংগীত, নাটকক যুগজয়ী কৰিবলৈ যত্নপৰ হ’ল।তেওঁ ৰেকৰ্ড কৰা নাটক কেইখন হ’ল নৰকাসুৰ, বেউলা,বিহুৱতী,বৰদৈচিলা, শঙ্কৰদেৱ,মাধৱদেৱ,ৰতনী আদি।দুৰ্যোধনৰ উৰুভঙ্গ নাটকে হাঁহিৰ থুনপাক যোগাইছিল।সেই সময়ত ৰেকৰ্ডৰ সংগী আছিল ডিব্রুগড়ৰ কেচাসোণ যেন সুগায়িকা কুমাৰী প্ৰিয়লতা দত্ত।দুয়ো স্বামী-স্ত্ৰী ৰূপে প্ৰতিস্হিত হোৱাৰ দেৰমাহৰ পিছতেই প্ৰিয়বালা ইহ সংসাৰৰ পৰা বিদায় মগাত ৰাভাদেৱ অস্হিৰ হৈ পৰিল।মনলৈ বৈৰাগ্যৰ ভাব অহাত শোণিতপুৰলৈ ঘুৰি আহি বিমৰ্ষ মনক ধৈৰ্য্য ৰে দৃঢ় কৰি সংগীত, নাট,নৃত্য-বাদ্য-চৰ্চাৰে দিন পাৰ কৰিলে। তেওঁৰ সকলো গীতেই কালজয়ী ।কিন্তু পৰ জনমত শুভ লগনত,লগন উকলি গ’ল,এয়ে মোৰ শেষ গান , ইত্যাদি গীত অতি মৰ্মস্পৰ্শী। তেওঁৰ ৰচিত এই গীত সমূহ ৰাভা সংগীত হিচাবে হিচাপে জনাজাত। নাট্যকাৰ হিচাবে তেওঁ বিশিষ্ট নাট্যশিল্পী ফনীশৰ্মাৰ লগত তেজপুৰৰ বাণ থিয়েটাৰকে আদি কৰি বিভিন্ন ঠাইত নাট মঞ্চস্হ কৰে। কাজী নজৰুলে তেওঁ অভিনয় কৰা চিৰাজ নাটকৰ আঘোণা চৰিত্ৰ অভিনয়ত মুগ্ধ হৈছিল।এইদৰে এৰাবাটৰ সুৰ,প্ৰতিধ্বনি,মাহুত বন্ধুৰে বোলছবিত অভিনয় কৰিছিল। পিয়লি ফুকন, মনোমতীতো দৃশ্যসজ্জা ,নৃত্য পৰিচালনা কৰিছিল। নৃত্য বিদ্যাতো পাৰ্গত ৰাভা দেৱে বিভিন্ন ঠাইত কামৰূপী নৃত্য, দশাৱতাৰ নৃত্য, শিৱৰ তাণ্ডৱ নৃত্য, কালীদমন নৃত্য, ওজাপালি নৃত্য, হৰগৌৰী নৃত্য আদি তেওঁ অতি আকৰ্ষণীয়কৈ প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল । তেওঁৰ নিৰলস সাধনা আৰু কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা “নটৰাজ”নৃত্যত মুগ্ধ হৈ তেওঁৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৩৯চনত “কলাগুৰু” উপাধি প্ৰদান কৰিছিল। কবিৰূপে তেওঁৰ কৃত্তিত্ব কম নহয়।এফালে সংগ্ৰামী সত্তা আনফালে কবিতাৰ প্ৰেম।এফালে ষ্টেনগান আনফালে কলম।তেওঁৰ কবিতাত আছিল শোষণ উৎপীড়নৰ বিৰুদ্ধে কৃষক শ্ৰমিক তথা সকলো শ্ৰেণীৰ জনগণৰ মুক্তিৰ জয়গান। যেনে:ভাং ভাং ভাং লোহাৰ শিকলি ভাং…… ।
আগবাঢ়ি ব’ল ভাঙি চিঙ
জুলুম বাজীৰ জাল
নকৰিবি ভয় ব’ল হৈ
শোষণ বাদীৰ দল…….।
চিত্ৰ কৰ হিচাবেও তেওঁৰ প্ৰভূত সম্ভাৱনা আছিল।‘দৰশিত সুন্দৰ গৌৰ কলেৱৰ” শ্ৰীমন্ত শংকৰদেৱ ৰ চিত্ৰ অংকন কৰি তেতিয়াৰ বৰপেটা থানৰ বুঢ়াসত্ৰীয়া ৺চতুৰ্ভূজ মিশ্ৰদেৱে ভূয়সী প্ৰসংশা কৰিলে শিল্পী বিষ্ণু প্ৰসাদক।
১৯৩৩চনত তেওঁ অংকন কৰা আন এখন ছবি ‘স্নান’। লিওনাৰ্ডোৰ ছবিৰ লগত সামঞ্জস্য থকা এই ছবিখন অনন্য।শংকৰ-মাধৱৰ যুগ্ম ছবি আৰু শংকৰদেৱৰ বাল্যকালৰ ছবি আঁকি চিত্ৰ শিল্পী হিচাবে মহত্ত্ব ৰাখি থৈ গৈছে।
সাহিত্যৰ দিশত মনোনিবেশ কৰি বিহগী কবি ৰঘুনাথ চৌধুৰীৰ সভাপতিত্বত তেজপুৰত হোৱা অসম সাহিত্য সভাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ পৰে। আৱাহন আলোচনীত বিভিন্ন তত্ত্ব গধুৰ লেখাৰে সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।মিচিং কনেং উপন্যাস।
সোনপাহী ,মামীৰ হাৰ,হিয়াৰ পুং ,কুৰি বছৰ জেইল, জাল কেছ,ফুংফা ( বড়ো ভাষাত ৰচিত) আদি গল্প ।অসমীয়া কৃষ্টিৰ চমু আভাস,ন পৃথিৱীৰ নতুন যুগ,জনজাতীয় সংস্কৃতিত শিৱ,বড়ো জাতিৰ ইতিহাস, বানে কেবাং, অতীত অসম, মুক্তিৰ দেউল, আদি বিভিন্ন প্ৰৱন্ধ আৰু গেঙনি ৰেঙণি নাটকউল্লেখযোগ্য। তেওঁ সাধাৰণ মানুহৰ সামাজিক সাংস্কৃতিক জীৱন সম্বন্ধে প্ৰত্যক্ষ ভাৱে জড়িত হৈ সেই অভিজ্ঞতা সমূহ কেতিয়াবা লেখনিৰে কেতিয়াবা বক্তৃতাৰে প্ৰকাশ কৰি গৈছিল। তেওঁ সাহিত্য সংস্কৃতি শিল্পকলা আদিত নিজৰ নৈপুণ্যতা কিমান দেখুৱালে তাৰ সীমা নাই।লগতে অসমীয়া, ইংৰাজী, বঙালী, হিন্দী, ৰাভা,বড়ো,নেপালী আদি ভাষা অতি সলসলীয়াকৈ কব পৰা বুৎপত্তি আছিল। এই সকলো খিনিৰ মাজেদিয়েই ৰাজনৈতিক বিপ্লৱৰ অশান্ত মঞ্চখনিত ক্ষীপ্ৰতাৰে জড়িত হৈ পৰিছিল। সাংসাৰিক জীৱন খলাবমাৰে সংপৃক্ত হৈ নানান কষ্টৰে বিচিত্রময় জীৱন পাৰ কৰিছিল।তেওঁ মৰম প্ৰীতি দয়াৰে প্ৰেম ৰমনীয় কৰি ৰাখিছিল। তদুপৰি সাংসাৰিক ক্ষেত্ৰত তেওঁ কোনোদিনেই ধন-সম্পদ টকা পইচাৰ প্ৰতি কিঞ্চিতো হাবিয়াস নাছিল। দ্বিতীয় পত্নী কলাৱতী সদৃশ কনকলতাৰ লগত পৰম প্ৰেম আৰু সন্তুষ্টিৰেই সাংসাৰিক জীৱন অতিবাহিত কৰিছিল ।তিনি গৰাকী পত্নীৰ দুগৰাকীক হেৰুৱাই মন ভাৰাক্ৰান্ত হৈ পৰিছিল।
মুঠতে এইগৰাকী মহান মণীষীৰ বিষয়ে চমু লেখাত কিঞ্চিতহে উল্লেখ কৰিব পাৰিছো।তেওঁৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি।বহুমুখী প্ৰতিভাৰ চিৰউজ্জল স্বাক্ষৰ বহন কৰি বিশ্বৰ বুকুত তেওঁ কলাগুৰু, চিৰসংগ্ৰামী,চিৰসুন্দৰ,চিৰ নতুন হৈ থাকিব।
আজি ৩১জানুৱাৰী ৰাভাৰ জন্ম দিন।তেওঁৰ জন্ম দিনটো অসম বাসীয়ে “কলাগুৰু দিৱস” হিচাবে পালন কৰিলে বহুত ভাল হয়।তেওঁৰ সৃষ্টি-কৰ্ম আৰুএই চমু লেখাটিৰে তেওঁৰ জন্ম দিৱসত শ্ৰদ্ধাৰে সোঁৱৰি সশ্ৰদ্ধ প্ৰণাম জনাইছো । অসমীয়াৰ প্ৰাণৰ আপোন ৰাভাদেৱ বহুমুখী প্ৰতিভাৰে চিৰউজ্জল স্বাক্ষৰ বহন কৰি বিশ্বৰ বুকুত তেওঁ কলাগুৰু, চিৰসংগ্ৰামী, চিৰসুন্দৰ, চিৰনতুন হৈ থাকিব।
ৰূপালী মহন্ত