অনন্য! – জ্যোতিস্মিতা বৰা

Pc Facebook

(জুবিন দাৰ স্মৃতিত)

অনন্য!

জ্যোতিস্মিতা বৰা
যোৰহাট

তুমি বোলে সাগৰৰ বাবে এটি গান লিখিছা !
সাগৰৰ বুকুত গান এটি ৰুবৰ বাবেই
তুমি গুচি গ’লা বহু দূৰ…
এটা সুৰ শেষ হোৱাৰ পিছত
আধামৰা উশাহত
তুমি উভতি যোৱাৰ কবিতা লিখি
এন্ধাৰৰ জোনাক হ’ব বিচাৰিলা,
তাকো আমাক নোকোৱাকৈ।
পাহাৰৰ সীমনাত তোমাৰ বাবে যতনাই থোৱা
শেতেলিৰ উচুপনিটো তুমি সাৰ নাপালা,
মাথোঁ সাগৰতে শুলা, সাগৰতেই
নৈৰ পৰা যে সাগৰ হয় গৈ পাহৰিলা!
বিভাবৰী ৰাতি বোৰ আকাশবিহীন ভাৱে
কাৰ বাবে সজালা!
নিস্তব্ধ সন্ধ্যা কত পথভ্ৰষ্ট বাটৰুৱাক
যতনেৰে উমলালা তোমাৰ উদাৰ পৃথিৱীত,
আৰু যে কত কি!
সোঁৱৰণী নহয় তুমি
নহয় সামৰণি
তুমি সোঁৱৰাই দিয়া মানৱক
জাগি উঠিবলৈ
এই পৃথিৱীক এটি উশাহ লাগে।
বিলাই দিয়া তুমি
বজ্ৰাঘাতৰ কঠুৰ আঘাত পোৱা মানুহক
এটি পৰাণৰ গীত,
যি গীতৰ সুৰত উচুপে বৈতৰণীৰ সিপাৰে
অলেখ তৰায়ে।