অনন্যা মা – জেফলিন চুলতানা

PC - Pexels
অনন্যা মা
         জেফলিন চুলতানা, নগাঁও
মা …
অপৰূপ মমতাময়ী প্ৰকৃতিৰ অনন্যা তুমি
তুমি মায়াভৰা মায়াময়ী মধুৰতা
তুমি আৱেগৰ আত্মীয়তা
তোমাৰ হাঁহিত বিশ্বমুগ্ধ
তোমাৰ চকুলোত মানৱতা স্তব্ধ
তুমি অবিহনে শূন্য ধৰণী
সৃষ্টিকৰ্তাৰ তিলোত্তমা জননী সুন্দৰী তুমি ।
মা …
ৰাতিৰ আকাশৰ কোনটো তৰা তুমি
তৰাৰে ভৰা ৰাতিৰ আকাশত
ক’ত নো বিচাৰি পাম তোমাক
সময়ৰ লগত খোজ মিলাই পৃথিৱীখন এৰি
গুচি গ’লায়ে যেতিয়া
যোৱাৰ আগত এবাৰো কিয়
সেই তৰাৰ চিহ্নটো দি নগ’লা ?
মা …
নিস্বাৰ্থ সম্পৰ্কবোৰো আজি কালি
স্বাৰ্থপৰ হৈ গ’ল
কোনেও নুসোধে
মই কেনে আছোঁ , কি কৰি আছোঁ
মই কি বিচাৰোঁ , সুখী নে মই ?
মাথোঁ সকলোৱে মোক ব্যৱহাৰ কৰিব খোজে মা ।
মা …
এই ধৰাখনিলৈ মই আহোঁতে
কিমান যে কষ্ট সহ্য কৰিছিলা তুমি
বিনিময়ত তোমাক একো দিব নোৱাৰিলোঁ অ‌ মা…
নিজৰ দুখ লুকাই মোক হাঁহিব শিকাইছিলা
প্ৰথম যিদিনা মুখৰ মাত ফুটিছিল
আৰু তোমাক মা বুলি মাতিছিলোঁ
চিঞৰি চিঞৰি তুমি সেইদিনা সকলোকে কৈছিলা
দৌৰি আহি মোক কোলাত লৈ আদৰ কৰিছিলা
আৰু মৰমত চুমা এটি খাইছিলা ।
মা …
তুমি যে কৈছিলা
মাতৃ ভক্তি , মাতৃ স্তূতিতেই শ্ৰেষ্ঠ আৰাধনা ‌
আৰু মই তোমাৰ চৰণ যুগলত বিচাৰি পাইছিলোঁ
স্বৰ্গীয় সুখ শান্তি ।
মা …
তোমাক কিমান ভালপাওঁ তাৰ বিষয়ে লেখিবলৈ
মোৰ কলমো আজি অক্ষম হৈ পৰিছে
মা …তুমি অপৰূপ প্ৰকৃতিৰ অনন্যা
তোমাৰ লগত কোনোৰে নহয় তুলনা
মোৰ জননী মা ।