অনন্বিত
” तेरे बिना जिंदगी से कोई शिकवा तो नहीं “
– সংগীতা ডেকা, ৰঙিয়া
আজিও সেই একেটি গান ( সদায় শুনাৰ অভ্যাস) আৰু খিড়িকীখনৰ মুখেৰে ভাঁহি অহা বেলিটোৱে লাহে লাহে শুই পৰাৰ দৃশ্যাৱলী । তেনেতে, ” মা অ’ মা মই গৈ আছো… So তোমাৰ yummy yummy হাতেৰে Maggie Maggie Maggie…. হাঃ হাঃ হাঃ” (Voice message) । মনে মনে মিচিকিয়া হাঁহি এটি জিলিকি উঠিল সেই দুই ওঁঠেৰে…. “বোৱাৰীৰ লক্ষিমী খোজেৰে ঘৰ পোহৰাবৰ হ’ল, কিন্তু এতিয়াও কণমাণিটোৱেই হৈ থাকিল । কি যে হ’ব নহয়…!” ঠিক সেই সময়তেই এচাটি শীতল মৃদু বতাহে আহি যেন বহু নিলগলৈ পিছুৱাই লৈ গ’ল । “মাজনী ঐ মাজনী ক’ত মৰিলি হা বিয়াৰ পিছত আমাৰ নাক কাণ কটাই হে এৰিবি তই” ( খঙত)। “এ মালতী, তোৰ গাছোত উঠা আপীতুক অলপ শাসন কৰ নোহলি জুই পানী বেলেগ কৰা জীৱনে বিৰাট জালা কালা খুৱাব তঁহতোক । সাৱধান কৰি দিলো মই কিন্তু ।”
এটি ৰঙিলী পখিলী । অনুসন্ধিৎসু মনটোৰে ডাঙৰ ডাঙৰ হাবিয়াসৰ টোপোলাটো লগত লৈ, আকাশ সম বিশাল চিন্তাধাৰাক সাৱটি, তাই নিতৌ নাচি বাগি উৰি ফুৰিছিল কলাত্মক দৃষ্টিভংগীৰে, প্ৰকৃতিৰ মাজত । জটিল বাস্তৱক অনুভৱ কৰিছিল যদিও আওকাণ কৰি চলিবও খুজিছিল । নিৰ্মল হৃদয়খনত সকলোৰে প্ৰতি শ্ৰদ্ধা, ভক্তি, মৰম, ভাল পোৱা, সন্মান সকলো আছিল । লগতে , তাই আছিল এক অপূৰ্ব্ব সৌন্দৰ্য্যৰো ভঁড়াল । মাকে বিচাৰিছিল তেওঁৰ হৃদয়ৰ টুকুৰাটো সুৰক্ষিত দুহাতত অৰ্পণ কৰি চিৰশান্তি ল’ব পৰা হ’লে…! কিন্তু নিয়তিৰ চাকনৈয়াত তাইৰ ভাগ্যখনে আকৌ….!
হঠাৎ কলিং বেলটো বাজি উঠাত এতিয়াৰ পৃথিৱীখনে আহি মৰমেৰে ধৰা দিলে হি সন্মুখত । বুকুত জ্বলি থকা জুইকুৰাক লুকাই ৰাখি মমতাৰ আঁচলেৰে উপচায় পেলালে নিজৰ জীয়াই থকাৰ একমাত্ৰ সম্বলক । আদি ( আদিত্য) এজন উদ্যমী যুৱক । ব্যক্তিগত খণ্ডৰ চাকৰি এটাত কৰ্ম্মৰত, উদাৰ মনৰ গৰাকী, এজন খোলা অন্তৰৰ জ্ঞানী আৰু বহুত বুজা ল’ৰা । তথাপিও যামিনী শৰ্মাৰ ভিতৰত লুকাই থকা এবুকু ভয় আৰু শঙ্কাই জোকাৰি যায় প্ৰতি দিনে যে পৰ্দাখন আঁতৰ হ’লে কি হ’ব ? খহি পৰিব নেকি মানৱ জীৱনৰ শ্ৰেষ্ঠ সম্পৰ্কটি তাচ পাতৰ দৰে ? ” নাই নাই মই নাভাবো এইবোৰ । ক’ত গ’ল, ক’ত গ’ল পিলটো ?”
“আকৌ এইবোৰ ? মই মানা কৰিছিলো নে ? অন্তৰত কি বোজা নো সোমাই থৈছা তুমি ? খোলাকৈয়ো নোকোৱা মোক । আমি at 1st best friends হয় । মই সকলোবোৰ কথা share কৰো । তুমি কিয় নকৰা ?” “চাও তোৰ মুখখন মেল আৰু এই ইংৰাজী দানা খাই ল ধৰ । মোৰ লগৰবোৰে নিজৰ নিজৰ বোৱাৰীয়েকৰ দোষবোৰ এফালৰ পৰা সদায়েই বলকি থাকে আৰু মই মেগী বনাই বনাই তোৰ পেটটো হে বঢ়াই আছো । ” “এহ্ topic change কৰিলা মানে ।নাখাও যা একো ।” এজাক ধুমুহাক পুনৰ ৰোধ কৰাৰ দৰে অনুভৱ হয় যামিনীৰ নিজৰ আলাসৰ লাড়ুটোৰ এনেবোৰ কথাত । কিন্তু কিমান দিনলৈ ? এনেদৰে ছাঁ পোহৰৰ মাজতেই দুজনীয়া সদস্যৰে এখন মৰমৰ ঘৰ চলি আছে । তাৰ গুৰি ধৰোতা এগৰাকী অকলশৰীয়া নাৰী । ভিতৰত বুজন পৰিমাণৰ সাহস যদিও কিবা যেন হেৰুৱাই পেলোৱাৰ এক অজান ভয় । সিদিনাখন জন্মদিন আছিল কাৰোবাৰ । কিন্তু আদিৰ অজ্ঞাত সেয়া । গোটেই দিনটো কিবা চিৰিং চিৰিংকৈ বুকুখন কঁপি আছিল । জানো কিয় বা ! তেনেতে, পুৰণি সেই ভয়ংকৰ দিনটো , “মাজনী তই পলাই যা । মোৰ বাবে অলপো চিন্তা নকৰিবি । এই পইচাখিনি লৈ বহুদূৰলৈ গুছি যা তই । মই সকলো চম্ভালি ল’ম ইয়াত । মৃত্যু সকলো সমস্যাৰ সমাধান নহয় অ’ । তোৰ পেটৰ উশাহক মোহাৰি পেলাব নিদিবি তই, যাগৈ যা ।” মাকে নিজৰ কলিজাজনীক সমাজৰ আগত মৰি যোৱা বুলি মানি লৈছিল তাইৰ জীৱনটোক বচাবলৈ আৰু অন্তৰৰ পৰা তাতোকৈয়ো বেছি আশীৰ্বাদ দিছিল যাৰ ফলত যামিনীয়ে অকলেই এটি জীৱনক ভূমিষ্ঠ কৰিবলৈ সক্ষম হৈছিল । এৰি অহা তাহানিৰ সকলোবোৰ ছবিয়েই চকুৰ আগত জিলিকি উঠিছিল যেতিয়া আদিয়ে তেখেতক ঘৰলৈ লৈ আহি ক’লে “মা এখেত কোন মই নাজানো । মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে চাগে । নিজৰ পৰিচয়ো নাজানে । শুনিবলৈ পালো যে পৰিয়ালে আহি ৰাস্তাত এৰি থৈ গৈছে । আমাৰ সংস্থাই গম পাই চাফ চিকুণ কৰি হুইলচেয়াৰ এখনৰো ব্যৱস্থা কৰিলোঁ । ভৰি দুখন..! কি যে মৰ্মান্তিক ! আৰু মা, নাজানো মই , তেখেতে কিয় বাৰু মোৰ আঙুলিটোৱেই এৰি দিয়া নাই ! So মই ঘৰলৈ লৈ আনিলো । কেইটামান দিন আমাৰ লগত ৰাখিম দিয়া ন । মই ঠিকেই কৰিছোঁ নে মা ?”
কথাকেইষাৰ শেষ কৰিব নৌপাওতেই পানী গোট খোৱা ৰঙা চকুহালেৰে নিজৰ কোঠাৰ দুৱাৰখন জোৰকৈ বন্ধ কৰি দিলে যামিনীয়ে । দুদিনমান সি অকলেই মানুহজনৰ যত্ন লৈ লৈ মাকৰ নিৰৱতাবোৰ পঢ়িবলৈ যত্ন কৰিলে যে মাকৰ কিনো হৈছে । পিছে সি সফলো নহ’ল নুবুজা সাঁথৰবোৰ সমাধান কৰিবলৈ । এদিন আদিয়ে দৰৱ আনিবলৈ কিছু সময়ৰ বাবে বাহিৰলৈ গ’ল । সেই মুহূৰ্ততেই অতীতৰ পেৰাটোত সাঁচি ৰখা, ইমান বছৰৰ যন্ত্ৰণাই বৰ্হিপ্ৰকাশ কৰিবলৈ বাধ্য হ’ল । চিঞৰি চিঞৰি দুচকুৰে বৈ অহা তেজৰ নৈখনে উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিলে । “কিয় কিয় তুমি মোক এৰি গৈছিলা ? মোৰ পেটত অকলেই এটি দায়িত্বক এৰি দি । দোৱা আৰু প্ৰাৰ্থনাৰ মাজত মই তো কাহানিও পাৰ্থক্য কৰা নাছিলো । তুমি অকলেই গুছি গৈছিলা ভিৰু কাপুৰুষ হৈ । হিন্দুত্বৰ নামত মোক কলংক বুলি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছিল পৰিস্থিতিৰ দ্বাৰা তথা সমাজে কিন্তু মই…..! আৰু আজি কেনে এক বিড়ম্বনা তোমাৰ পৰা এটাও উত্তৰ নাপাও । এয়াই চাগে মোৰো শাস্তি আৰু তোমাৰো । ” বাহিৰতে ৰৈ কথাবোৰ শুনি থকা আদিৰ হাতৰ পৰা ঔষধৰ টোপোলাটো মাটিত সৰি পৰিল আৰু বিষাক্ত সন্ধিয়াটোৱে লাহে লাহে আদিৰ জীৱনটো চিৰদিনৰ বাবে সলনি কৰি দিলে । ঘটনাৰ পাকঘূৰণিত হঠাতেই অঘটন ঘটি গ’ল, সি তৰ্কিবই নোৱাৰিলে । এফালে একুৰা অগ্নিশয্যাৰ প্ৰস্তুতি আনফালে জানাজা, তাৰ মাজত যেন আদিয়ে হে ছাই হৈ পৰিল । কিন্তু তাৰ প্ৰশ্নৰ পাহাৰখন হ’লে খহি নপৰিল । পৰ্দাখনো আঁতৰি নগ’ল তাৰ জীৱন অংকুৰণৰ লগত সংপৃক্ত । সি আধৰুৱা হৈয়েই থাকিল অকলশৰে । দিন বাগৰি বাগৰি সময়বোৰো পাৰ হ’ল আৰু এদিন সি বন্ধ কোঠালিটো নিজৰ মনৰ সৈতে যুঁজ দি শেষত খুলি চালে । সকলোবোৰ বস্তু একে ঠাইতেই ৰৈ আছিল কেৱল মাকৰ হাতৰ পৰশেৰেই সজ্জিত হৈ । তাৰ পিছত হঠাৎ চকু পৰিল ডাষ্টবিনটোলৈ, য’ত আধাপোৰা ডায়েৰীৰ লেখীয়া কিবা বহী এটা পৰি আছিল । সেইটো খুলি চোৱাৰ লগে লগে প্ৰথম পৃষ্ঠাত, যদিও অৱশিষ্ট কিছুমান কথা লিখা আছিল……
“এসময়ত মৃত্যু আৰু জীৱনৰ মাজত বিশেষ দূৰত্ব নাছিল তথাপিও মই জীৱন বাচি লৈছিলো, অতি ঘনিষ্ঠ কাৰোবাৰ স্বাৰ্থত যিয়ে মোক এই পৃথিৱীলৈ লৈ আহিছিল আৰু মই যাক আনিছিলোঁ মোৰ অস্তিত্ব কৰি……..”
~ সমাপ্ত ~