অনন্ত নীৰৱতা
অমৰদীপ কাকতি
নদুৱাৰ, শোণিতপুৰ
এদিনাখন মই অনন্ত নীৰৱতাৰ মুখামুখি হ’লো
নীৰৱতা কুণ্ডলী পকাই পকাই মোৰ সমুখলে আগুৱাই আহিল ৷
নীৰৱতাৰ ভয়ত কম্পমান হৃদয়ৰ সেউজীয়া খিনি
মোৰ আঁৰত কুচি – মুচি লুকাবলৈ চেষ্টা কৰিছিল
মই নীৰৱতাক ক’লো, এই স্থান তোমাৰ নহয়
তুমি নিজৰ ইচ্ছামতে সকলো কৰিব নোৱাৰা
নীৰৱতাই ক’লে, জীৱনৰ পৰা যৌৱনলৈ
হৃদয়ৰ পৰা মস্তিস্কলৈ, প্ৰেমৰ পৰা মোহ কিম্বা আসক্তিলৈ
সেউজীয়া জীৱনৰ পৰা ৰংবিহীন সমাপ্তিলৈ
ৰ’দৰ পৰা চিৰন্তন আন্ধাৰলৈ
সকলোতে মোৰ অবাধ বিচৰণ
মই কাৰো অনুমতি লোৱাৰ প্ৰয়োজন নাই
তেতিয়া মই নীৰৱতাক ৰ’দঘাই জীৱনৰ কথা ক’লো
নীৰৱতাই মোক চিৰন্তন মৃত্যুৰ কথা ক’লে
যত ৰ’দে প্ৰৱেশ কৰিব নোৱাৰে কাহানিও
মই প্ৰেমৰ কথা ক’লো
নীৰৱতাই সমাপ্তিৰ কথা ক’লে
মই সেউজীয়া স্মৃতিবোৰৰ কথা ক’লো
নীৰৱতাই ব্যৰ্থতাৰ কথা ক’লে
মই সম্পৰ্কৰ কথা ক’লো
নীৰৱতাই মোক বিচ্ছেদৰ কথা ক’লে
মই নীৰৱতাক বুজিবলৈ চেষ্টা কৰিলো
বধিৰ নীৰৱতা, বোবা নীৰৱতা , প্ৰেমহীন নীৰৱতা
মানুহৰ মনোজগতৰ নিষিদ্ধ কোণত লুকাই থকা
ঘন ক’লা আন্ধাৰৰ দৰে কিচকিচিয়া ক’লা নীৰৱতা,
নীৰৱতাৰ মাজতো আছে অন্য এক নীৰৱতা
অনন্ত নীৰৱতা
আচলতে, নীৰৱতাও এক কলা
নীৰৱ হ’বলৈ প্ৰয়োজন হয় সাহসৰ
কাৰণ, নীৰৱতাৰ আঁৰত থমকি ৰয়
প্ৰেম, কৰুণা কিম্বা অনুভূতি আৰু চেতনা
নিজৰ উশাহটো বাহিৰত থৈ
এইবোৰ যেতিয়া নীৰৱতাৰ মাজলৈ সোমাই যায়
অনন্ত নীৰৱতাৰ মাজত ইহঁতবোৰ মৰি থাকে ৷
সেয়েহে কওঁ ,
অনন্ত নীৰৱতাৰ মাজত নিজকে বিলীন কৰি নিদিবা
কাৰণ, নীৰৱতাই জীৱনৰ সম্ভাৱনীয়তা সমূহ মষিমূৰ কৰে
মনৰ কথাবোৰ খুলি কবা
সেইটোৱেই সেউজীয়ালৈ প্ৰথম খোজ !
আপনালোক কেতিয়াবা অনন্ত নীৰৱতাৰ মুখামুখি হৈছেনে?