অধ্যাপক “ভীমকান্ত কোঁৱৰ সাহিত্য বটাঁ”ৰ বাবে প্ৰকাশিত গ্ৰন্থৰ আহ্বান
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা সমাজ সংস্কাৰক অধ্যাপক ভীমকান্ত কোঁৱৰৰ সোঁৱৰণত প্ৰদান কৰিবলৈ লোৱা হৈছে- “অধ্যাপক ভীমকান্ত কোঁৱৰ সাহিত্য বঁটা”। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোনোৱালক উপদেষ্টা, অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাক সভাপতি, বিশিষ্ট লেখক তথা সাংবাদিক ভূষণ জ্যোতি সন্দিকৈক উপ-সভাপতি আৰু সুমন দত্তক সম্পাদক হিচাপে লৈ গঠিত অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৃতি সুৰক্ষা সমিতিয়ে প্ৰয়াত ভীমকান্ত কোঁৱৰৰ বাসগৃহত অনুষ্ঠিত হোৱা এক বৈঠকত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অধ্যাপক ভীমকান্ত কোঁৱৰৰ সোঁৱৰণত প্ৰতি বছৰে এক বক্তৃতানুষ্ঠান আয়োজন কৰি এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়। বৈঠকত এই সিদ্ধান্তও লোৱা হয় যে বঁটা লাভ কৰোঁতা লেখক-লেখিকাই লাভ কৰিব নগদ ৫১,০০০ টকা, এটা স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু এখন প্ৰশস্তি পত্ৰ । তদুপলক্ষে ২০২৪ বৰ্ষৰ “অধ্যাপক ভীমকান্ত কোঁৱৰ সাহিত্য বঁটা”ৰ বাবে লেখক-লেখিকাৰ ইতিপূৰ্বে প্ৰকাশিত গ্ৰন্থ আহ্বান কৰা হৈছে । লেখক-লেখিকাই ছপা গ্ৰন্থৰ ৬ (ছয়)টা নকল কপি অহা ২০ ছেপ্তেম্বৰ/২৪ ভিতৰত প্ৰেৰণ কৰিব লাগিব। আবেদনকাৰী ৫০ বছৰৰ অনূৰ্ধৰ হ’ব লাগিব। গ্ৰন্থৰ ক্ষেত্ৰত বঁটা প্ৰদান বৰ্ষৰ পাঁচ বছৰৰ ভিতৰত প্ৰকাশিত হোৱা হ’ব লাগিব । অৰ্থাৎ ২০২৪ বৰ্ষৰ বঁটাৰ বাবে ১ জানুৱাৰী ২০১৯ চনৰ পৰা ৩১ ডিচেম্বৰ ২০২৩ ত প্ৰকাশিত গ্ৰন্থহে বিবেচিত হ’ব । বঁটাৰ বাবে তত্ত্ব তথা তথ্য সম্বলিত মননশীল গৱেষণাধৰ্মী গ্ৰন্থক প্ৰাধান্য দিয়া হ’ব। তদুপৰি ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্য়ায়ত ইতিপূৰ্বে পুৰস্কাৰ লাভ কৰা গ্ৰন্থ বা অন্য বিশিষ্ট প্ৰতিষ্ঠানৰ পুৰষ্কাৰপ্ৰাপ্ত গ্ৰন্থ বঁটাৰ বাবে বিবেচিত নহ’ব । আবেদনকাৰীয়ে গ্ৰন্থৰ সৈতে প্ৰমাণ পত্ৰসহ “অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৃতি ৰক্ষা সমিতি”ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব । কাৰ্যালয়ৰ ঠিকনা – উদয়পুৰ, ডিব্ৰুগড় -৭৮৬০০৩। নতুবা সুমন দত্ত, বৰপথাৰ কমাৰ গাঁও, ডিব্ৰুগড় -৭৮৬০০৮, ফোন নম্বৰ ৮৬৩৮৫৫২৫৯৩ এই ঠিকনাতো প্ৰেৰণ কৰিব পাৰিব ।