অধ্যাপক তৰুণ কুমাৰ গগৈৰ অভিনন্দন গ্ৰন্থ ‘জীৱন অন্বেষা’ উন্মোচন
ডিব্ৰুগড়,এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট লেখক-সাহিত্যিক, মটক জনগোষ্ঠীৰ বিশেষজ্ঞ চিন্তাবিদ তথা বুৰঞ্জীবিদ, সাংস্কৃতিক কৰ্মী, ক্ৰীড়া সংগঠক, চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তৰুণ কুমাৰ গগৈৰ অভিনন্দন গ্ৰন্থ ‘জীৱন অন্বেষা’ শনিবাৰে ডিব্ৰুগড়ৰ পূব বাণীপুৰস্থিত ‘উপাসনা কলাকেন্দ্ৰ’ৰ প্ৰেক্ষাগৃহত শিক্ষাবিদগৰাকীৰ তেসত্তৰ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা হয়৷ এই উপলক্ষে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ উদ্যোগত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ডেৰশতাধিক গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ভাষাতত্ত্ববিদ, অভিধান প্ৰণেতা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰফেচাৰ এমেৰিটাছ ড॰ ভীমকান্ত বৰুৱাই৷ শিল্পী চুমি ফুকনৰ মংগলোচ্ছাৰণ আৰু হোলোং আমগুৰি সত্ৰৰ যুৱাধিকাৰ তথা মৰাণ সাহিত্য সভাৰ সভাপতি হৰকান্ত মহন্তৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ আমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ আসন গ্ৰহণ আৰু সম্বৰ্ধনাৰ পাছতে আদৰণী ভাষণ আগবঢ়ায় অভিনন্দন গ্ৰন্থৰ সম্পাদক ভূষণজ্যোতি সন্দিকৈয়ে৷ সভাত অভিনন্দিত ব্যক্তি তৰুণ কুমাৰ গগৈৰ জীৱন আৰু কৰ্ম সম্পৰ্কে বক্তব্য দাঙি ধৰে ক্ৰমে তৰুণ কুমাৰ গগৈৰ সহপাঠী তথা অৱসৰপ্ৰাপ্ত শিক্ষক যজ্ঞেশ্বৰ চেতিয়া আৰু তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড॰ কৰবী বৰুৱা গগৈয়ে৷ তৰুণ কুমাৰ গগৈৰ ৭৩ সংখ্যক জন্মদিন উপলক্ষে মটক জনগোষ্ঠীৰ তিনিওটা উদ্যোক্তা সংগঠনে আনুষ্ঠানিকভাৱে ‘কেক’ কাটি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷ গগৈৰ শুভাকাংক্ষী আৰু গুণমুগ্ধসকলেও ফুলৰ থোপা, গামোচা, চেলেং চাদৰ উপহাৰ দি জন্মদিনৰ শুভেচ্ছা জনায়৷ অভিনন্দন গ্ৰন্থৰ যুটীয়া সম্পাদক যাদৱ গগৈ আৰু প্ৰাঞ্জল পাত্ৰই আঁত ধৰা অনুষ্ঠানটোত অভিনন্দন গ্ৰন্থ প্ৰকাশন সমিতিৰ সভাপতি তথা মাজুলী সাংস্কৃতিক বিশবিবিদ্যালয়ৰ উপাচাৰ্য ড॰ নিৰোদ কুমাৰ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট কবি-সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বেজবৰুৱা আসনৰ প্ৰাধ্যাপিকা ড॰ কৰবী ডেকাহাজৰিকা, সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোহাঁই প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে তৰুণ কুমাৰ গগৈৰ জীৱন আৰু কৰ্ম সম্পৰ্কে আলোকপাত কৰি বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানৰ মাজতে চুমি ফুকনৰ নেতৃত্বত স্থানীয় সন্ধানী মহিলা চ’ৰাৰ শিল্পীসকলে পৰিৱেশন কৰা তৰুণ কুমাৰ গগৈৰ ৰচিত সমবেত সংগীতে পৰিৱেশ মনোৰম কৰি তোলে৷ উন্মোচনী সভাৰ শেষত আয়োজক সমিতিৰ হৈ ঝৰ্ণা শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত ‘অসম সংগীত’ অ’ মোৰ আপোনাৰ দেশ… পৰিৱেশনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি ঘোষণা কৰা হয়৷