অধ্যাপক ড° নগেন ঠাকুৰৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ

অধ্যাপক ড° নগেন ঠাকুৰৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ
অসমীয়া ভাষাৰ ঐতিহ্যৰ প্ৰতি অত্যন্ত শ্ৰদ্ধাশীল আছিল ড° নগেন ঠাকুৰঃ লুৰীণজ্যোতি গগৈ
অসমীয়া ভাষাটোৰ গতিময় প্ৰবাহক প্ৰাণৱন্ত কৰি ৰখা পুৰোধাৰ ড° নগেন ঠাকুৰ অন্যতমঃ লুৰীণজ্যোতি গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- দেহাৱসান ঘটা বিশিষ্ট ভাষাবিদ, কবি, লেখক, শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী ড° নগেন ঠাকুৰৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। এক শোকবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘অধ্যাপক ড° নগেন ঠাকুৰৰ বিয়োগত আমি ব্যথিত হৈছোঁ। অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি আৰু ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ভাষাটোৰ গতিময় প্ৰবাহক যিসকল পুৰোধাই প্ৰাণৱন্ত কৰি ৰাখিছে, তাৰ ভিতৰত নগেন ঠাকুৰ অন্যতম।’ নেতাদ্বয়ে কয়, ‘নগেন ঠাকুৰে অসমীয়া ভাষা বিষয়ক ১৩খন গ্ৰন্থ প্ৰকাশ কৰাৰ বিপৰীতে পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক গৱেষণামূলক গ্ৰন্থৰে অসমীয়া ভাষাক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা লাভ কৰাত প্ৰভূত অৰিহণা আগবঢ়াই গৈছে৷’ ভাষা-সাহিত্যৰ এইগৰাকী একনিষ্ঠ সেৱকৰ বিয়োগ অসমৰ সামাজিক জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি গগৈ আৰু ভূঞাই লগতে কয়, ‘অসমীয়া ভাষা-সাহিত্য আৰু সামাজিক-শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে স্মৰণীয় হৈ ৰ’ব বিশিষ্ট ভাষাতাত্ত্বিকগৰাকী। দেৰগাঁৱৰ ৰজাবাহৰ গাঁও নিবাসী ভাষা-সাহিত্যৰ এইগৰাকী একনিষ্ঠ সেৱকলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে, শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু তেওঁৰ গুণমুগ্ধসকললৈ যাচিছোঁ সমবেদনা।’