অধ্যাপক ড° খগেশ সেন ডেকাৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

অধ্যাপক ড° খগেশ সেন ডেকাৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট ভাষাবিদ, লেখক, সুবক্তা, তথা পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° খগেশ সেন ডেকাৰ পৰলোকপ্ৰাপ্তিত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে। ১৫ খনকৈ মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা ড° খগেশ সেন ডেকা ছাৰৰ মৃত্যু অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি। সভাই ড° ৰমেশ পাঠকৰ তত্বাৱধানত “অসমীয়া ব্যাকৰণৰ ক্ৰমবিকাশ : এটি বিশ্লেষণাত্মক অধ্যয়ন ” বিষয়ত পি.এইচ.ডি সন্মান লাভ কৰি অসমীয়া ভাষা সাহিত্যত পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰা ড° খগেশ সেন ডেকাৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷