অধিবক্তা বিচাৰি অসম উকীল সন্থাৰ ওচৰ চাপিছে শ্যামকানুৰ পত্নী অনিতাই
ৰঙিলী বাৰ্ত্তাসেৱা- স্বামী শ্যামকানু মহন্তৰ হৈ আইনী সাহায্য বিচাৰি অসম উকীল সন্থাৰ কাষ চাপিছে অনিতা ডেকা মহন্ত। এই কথা প্ৰকাশ কৰিছে সন্থাৰ সম্পাদক, অধিবক্তা অপূর্ব শর্মাই। সংবাদ মাধ্যমৰ আগত অধিবক্তা অপূর্ব শর্মাই সদৰী কৰে যে শ্যামকানু মহন্তৰ হৈ আইনী যুঁজ চলাবৰ কাৰণে তেওঁৰ পত্নী অনিতা মহন্তই দহ ডিচেম্বৰত গুৱাহাটী উকীল সন্থাৰ ওচৰত এখন আবেদন কৰে। এই আবেদনখনৰ জৰিয়তে অনিতা ডেকা মহন্তই শ্যামকানু মহন্তৰ হৈ গোচৰ চলাবলৈ নিবিচৰা উকীল সন্থাৰ সদস্যসকলৰ লগতে সমগ্ৰ অধিবক্তা সমাজক তেওঁলোকৰ সিদ্ধান্ত উঠাই ল’বলৈ অনুৰোধ জনায়। মৌখিকভাৱেও অনিতা ডেকা মহন্তই উকীল সন্থাক এই অনুৰোধ জনায়। অনিতা ডেকা মহন্তৰ এই অনুৰোধ গুৱাহাটী উকীল সন্থাই বর্তমানলৈ সিদ্ধান্ত দিয়া নাই বুলি সদৰী কৰি অধিবক্তা অপূর্ব শৰ্মাই কয় যে জুবিন গাৰ্গৰ হত্যা গোচৰৰ বিচাৰৰ ক্ষেত্ৰত অসমৰ অধিবক্তা সমাজে আইনী সাহায্য আগনবঢ়োৱাটো নিশ্চিত। এতিয়ালৈকে কোনো এজন অধিবক্তাই তেওঁক আইনী সাহায্য প্রদান কৰিবলৈ আগবাঢ়ি অহা নাই। অৱশ্যে সম্পাদক অপূর্ব শর্মাই এইটোও আঙুলিয়াই দিয়ে যে শ্যামকানু মহন্তই আইনী সাহায্য পোৱাৰ ক্ষেত্ৰত সাংবিধানিকভাৱে কোনো বাধা নাই। তেওঁ আইনী সাহায্য পাবই। এইক্ষেত্রত তেওঁলোকে আইনী সেৱা প্ৰাধিকৰণৰ জৰিয়তে সাহায্য পাব। এখন আবেদন লৈ শ্যামকানু মহন্তৰ পত্নী আহিছিল উকীল সন্থাৰ ওচৰলৈ। তেওঁ আমাক আহ্বান জনাইছে যে আমাৰ আইনী সাহায্য প্রদান নকৰিবলৈ জনোৱা আহ্বানটো উঠাই ল’ব লাগে। এইটো তেওঁলোকৰ এটা টেকটিছ হ’ব পাৰে। এই সৰু সৰু কথা বৰ ডাঙৰ কথা হৈ যায়। তেওঁ লিখিত আনিছে যে আমাৰ আহ্বানটো পুনৰ বিবেচনা কৰক। কাইলৈ যদি শ্যামকানু মহন্ত দোষী হয়, তেন্তে তেওঁলোকে আদালতত এখন আবেদন কৰিব পাৰে যে তেওঁ প্ৰ’পাৰ ডিফেঞ্চ নাপালে। আমি ক’ব বিচাৰিছোঁ যে এই লৈ অধিবক্তাসকলে কোনো সাহায্য প্রদান নকৰে। যদি কৰেও কোনোবাই দুটামান টকাৰ বাবে জুবিনদাৰ লগত কম্প্রমাইজ নকৰোঁ। উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ গোচৰ ৰুজু হোৱাৰ পিছতে গুৱাহাটী উকীল সন্থাই ৰাজ্যৰ অধিবক্তা সমাজক শিল্পীজনৰ ঘটনাত জড়িত কোনো লোককে আইনী সাহায্য প্রদান নকৰিবলৈ আহ্বান জনাইছিল। পৰৱৰ্তী সময়ত উকীল সন্থাৰ আহ্বানমৰ্মেই চিজেএম ক’ৰ্টত শ্যামকানু মহন্তসহ ৭ গৰাকী অভিযুক্তৰ হৈ কোনো অধিবক্তাই আইনী সাহায্য প্রদান কৰা নাই।
