অধিক ঋণ তখা লকডাউনৰ ফলত সৃষ্টি হোৱা চাকৰিৰ অভাৱত অসমত গাওঁবাসীয়ে বিক্ৰী কৰিবলৈ বাধ্য হয় বৃক্ক

pc NDTV

অনলাইন বাৰ্ত্তাসেৱা – ঋণত আৱদ্ধ হৈ থকা গাওঁবাসীসকলক তেওঁলোকৰ বৃক্ক বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা এটা ডাঙৰ মানৱ অংগ সৰবৰাহ চক্ৰ অসমত উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, অসমৰ ধৰমতুল গাঁৱৰ সৈতে সম্পৰ্কিত এই গোচৰটোত কমেও কেইবাজনো গাওঁবাসীয়ে তেওঁলোকৰ বৃক্ক অংগ সৰবৰাহকাৰীক বিক্ৰী কৰিছে। দৰিদ্ৰতা, ক্ষুদ্ৰ-বিত্তীয় ঋণ আৰু সহজ ধনৰ প্ৰতিশ্ৰুতিয়ে গাওঁবাসীসকলক তেওঁলোকৰ বৃক্ক বিক্ৰী কৰিবলৈ বাধ্য কৰিছে। কোভিড-১৯ৰ ফলত হোৱা লকডাউনত গাওঁবাসীয়ে উপাৰ্জনৰ বাবে কৰিবলগীয় হোৱা এই সংগ্ৰামৰ মাজতেই এবছৰৰ ভিতৰত ঘটনাবোৰ অধিক বৃদ্ধি পাই আহিছে।

(UD.)