অদ্ভুত সপোন দেখাটো অখিল গগৈৰ পুৰণি বেমাৰঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
ৰঙিলী বাৰ্ত্তাসেৱা- অদ্ভুত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ। অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈ আছে।- এই মন্তব্য মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ। সাংবাদিকৰ আগত ২০২৬ত চৰকাৰ গঠনৰ সপোন দেখা ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক আক্রমণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে মানুহে সপোন দেখিব লাগে, কিন্তু সপোনবিলাক বাস্তৱ হোৱা সপোন দেখিব লাগে। বাংলাদেশী মুছলমান, যাক আমি মিঞা বুলি কওঁ, সেই মিঞাৰ ভোটেৰে সপোন দেখা মানুহ অসমত বহুত আছে। যেতিয়ালৈকে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব থাকিব, অসমত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব থাকিব, তেতিয়ালৈকে মিঞাৰ সমৰ্থনত সপোন দেখা মানুহবিলাকৰ সপোনবিলাক বাস্তৱ নহয়। এইবিলাক বন্ধ কৰিবৰ কাৰণে আমি আছো, আমাৰ চৰকাৰ আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে, ‘২৬ত বিৰোধীৰ চৰকাৰ হ’লে জলসম্পদ মন্ত্ৰী হ’ব শ্বেৰমান আলী আহমেদ! এই সন্দর্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্রতিক্রিয়া জানিবলৈ বিচৰাত ৰাজ্যৰ পৰৱৰ্তী চৰকাৰত মন্ত্ৰী হোৱাৰ সপোন দেখা শ্বেৰমান আলী আহমেদক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মিঞাৰ সহযোগিতাত যিয়ে সপোন দেখে, সেই সপোনবিলাক বাস্তৱ নকৰিবৰ কাৰণে আমাৰ চৰকাৰ। আমি যেতিয়ালৈকে থাকিম, সেই সপোন কেতিয়াও বাস্তৱ নহয়। আমি থকালৈকে মিঞাৰ ভোটেৰে মুখ্যমন্ত্ৰী হোৱা, মিঞাৰ ভোটেৰে মন্ত্ৰী হোৱা, মিঞাৰ ভোটেৰে কিংমেকাৰ হোৱা যি সপোন- এই সপোনবিলাক বাস্তৱ হ’বলৈ নিদিওঁ। অসমৰ ৰাইজে আমাক সেই কাৰণে দায়িত্ব দিছে বুলি জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত মন্তব্য কৰে।